নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ বাসুগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰ : বাসুগাঁও ষ্টেচন ৰোডত কালি সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। বাসুগাঁৱৰ পৰা ঢোলমাৰালৈ গৈ থকা অৱস্থাত AS 26F 8451 নম্বৰ পঞ্জীয়নভুক্ত পালচাৰ মটৰচাইকেলেৰে হঠাৎ তীব্ৰবেগে আহি বিদ্যুৎ পৰিবাহী তাৰৰ খুটিত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত ভদেয়াগুৰিৰ বাসিন্দা মটৰচাইকেল চালক নিবাৰণ বৰ্মন গুৰুতৰ আঘাত পাই অচেতন হৈ পৰে আৰু আৰক্ষীয়ে দুৰ্ঘটনাস্তলিত উপস্থিত হৈ সংকটজনক অৱস্থাত কাজলগাঁও অসামৰিক চিকিৎসালয়ত ততালিকে প্ৰেৰণ কৰে য’ত বাদল দাস নামৰ আনগৰাকী আৰোহীজন সামান্য আঘাত প্ৰাপ্ত হয়। দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটিত খুন্দা মৰাৰ ফলত বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটি ভাঙি দুই টুকুৰা হৈ পৰে ফলত বিদ্যুৎ ব্যাহত হৈ পৰে। জানিব পৰা মতে সংকটজনক অৱস্থাত লৈ যোৱা নিবাৰণ বৰ্মন বঙাইগাঁও ৰ এখন ব্যক্তিগত চিকিৎসালয়ত নিশা মৃত্যু হয়। উল্লেখযোগ্য যে এনে অবিৰত তীব্ৰবেগী মটৰচাইকেলে অঞ্চলজুৰি দীৰ্ঘদিন ধৰি একপ্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যাৰ বাবে স্থানীয় ৰাইজে ইয়াৰ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনক আহ্বান জনায়।

প্ৰেৰক ভৃগু মুনি ৰায়

You might also like