নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’পেন এয়াৰ থিয়েটাৰ-পৌৰসভাৰ অবিবেচকতাত ধ্বংসমুখী ধুবুৰীৰ প্ৰমথেশ বৰুৱা মঞ্চ

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ ভাৰতীয় বোলছবি জগতৰ প্ৰখ্যাত অভিনেতা, চলচ্চিত্র পৰিচালক আৰু চিত্ৰনাট্য লেখক তথা অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰাজপৰিয়ালৰ সন্তান প্রমথেশ চন্দ্ৰ বৰুৱাৰ নামেৰে নামাংকিত ধুবুৰী চহৰস্থিত “প্রমথেশ বৰুৱা মঞ্চ’ৰ দুৰৱস্থাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধুবুৰীৰ সচেতন মহলত। উল্লেখ্য যে চহৰখনৰ ২নং ৱাৰ্ডত “অ’পেন এয়াৰ থিয়েটাৰ” কর্তৃপক্ষৰ এটি ভৱন আছে। “চিলড্রেন পার্ক” তথা শংকৰদেৱ শিশু উদ্যানৰ এফালে থকা তিনিমহলীয়া ভৱনটোৰ তলৰ মহলাত আছে এখন স্থায়ী মঞ্চ। সেই মঞ্চখন ভাৰতীয় চলচিত্র জগতৰ ভোটাতৰাস্বৰূপ প্রমথেশ বৰুৱাৰ নামেৰে “প্রমথেশ বৰুৱা মঞ্চ” নামাংকিত কৰা হৈছিল। যদিও মূলতঃ ধুবুৰীত নাট্য সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছিল যদিও সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বিপৰীতে সেই মঞ্চখনক বিগত কেইবা বছৰে বিয়া-সবাহ অথবা অইন কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ ভাৰা দিয়া হে দেখা গৈছিল। ইপিনে, শেহতীয়াভাৱে মঞ্চখনৰ ঠিক সন্মুখত পকী বেৰ নিৰ্মাণ কৰি ধুবুৰী পৌৰসভাৰ উদ্যোগত এখন উদ্যান নিৰ্মাণৰ কাম চলি থকাৰ বিপৰীতে অইন ফালে দেখা গেছে জাবৰ-জোঁথৰ পেলাবলৈ ব্যৱহাৰ কৰা বাহনকে ধৰি পাইখানাৰ টেংকি পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা বাহনৰো গেৰেজৰূপে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। ফলত “প্রমথেশ বৰুৱা মঞ্চ”খনৰ সন্মুখৰ সামগ্রিক পৰিৱেশ অতি দৃষ্টিকটু হৈ পৰিছে। পিছে পৰিতাপৰ বিষয় এয়াও যে প্রথমবাৰৰ বাবে ভাৰতীয় বোলছবি জগতত কৃত্রিম পোহৰেৰে নিৰ্মাণ কৰা অপৰাধ, দেৱদাস আদি বিভিন্ন কালজয়ী চলচ্চিত্ৰৰ জনক প্রমথেশ চন্দ্ৰ বৰুৱাৰ নামেৰে নামাংকিত মঞ্চ এখনত এইদৰেদীর্ঘদিনৰ পৰাই বিয়া-সবাহ অথবা বিভিন্ন মাংগলিক অনুষ্ঠান অনুষ্ঠিত হৈ অহাৰ বিষয়টোক লৈ আজিলৈ মাত মতা দেখা যোৱা নাই স্থানীয় কোনো ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন অথবা জনপ্রতিনিধিয়ে। তদ্রূপ ধুবুৰী পৌৰসভা কর্তৃপক্ষই মঞ্চখনৰ সন্মুখচোৱা পকী বেৰ দি ঘেৰি উদ্যান এখন নিৰ্মাণ কৰি থকাৰ বিষয়টোত লৈও মৌন হৈ থকা দেখা গৈছে সেই সকলে। পিছে “অ’পেন এয়াৰ থিয়েটাৰ” আৰু ধুবুৰী পৌৰসভা কর্তৃপক্ষৰ এনে অবিবেচকমূলক কর্মকাণ্ডত ভিতৰি ভিতৰি ধুবুৰীৰ সচেতন মহলত তীব্র প্রতিক্রিয়া সষ্টি কৰিছে। যিসময়ত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঐতিহ্য-সংস্কৃতি সংৰক্ষণৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে সেই সময়ত ধুবুৰীৰ ঐতিহ্য তথা প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ নামেৰে নামাংকিত মঞ্চ এখনক ধ্বংসমুখী কৰাৰ অধিকাৰ ধুবুৰীৰ “অ’পেন এয়াৰ থিয়েটাৰ” আৰু পৌৰসভা কৰ্তৃপক্ষক কোনে দিলে বুলি প্ৰশ্ন উত্থাপন হৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like