নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ বৰজাৰত চিত্ৰকলা স্কুলৰ শুভ উদ্বোধন

নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ নলবাৰীৰ বৰজাৰত স্থানীয় স্বেচ্ছাসেৱী অনুষ্ঠান বহাগী উৎসৱ স্থায়ী সমিতিৰ দ্বাৰা পৰিচালিত হব লগা বৰজাৰ কলা কেন্দ্ৰ নামেৰে এখন চিত্ৰকলা স্কুলৰ কালি উদ্বোধন কৰা হয়। প্ৰথম অৱস্থাত ঘাইকৈ ছবি অঁকাৰ শিক্ষন দিবলৈ স্থাপন কৰা এই স্কুলখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ভাৰত চন্দ্ৰ তালুকদাৰে। বিদ্যালয়খন উদ্বোধন কৰি বিষয় শিক্ষক তালুকদাৰে নিজৰ ভাষণ আগবঢ়াই কয় যে চিত্ৰ অঙ্কন শিক্ষণ দিবলগা বিদ্যালয়খনৰ জৰিয়তে গাঁওখনৰ ছাত্ৰ-ছাত্ৰীসকল ভালধৰণে উপকৃত হব। ইয়াৰ দ্বাৰাই ছবি আঁকিব পৰাৰ উপৰিও হাতৰ আখৰ ভাল কৰিব পাৰিব। এইক্ষেত্ৰত অভিভাৱকসকলেও গুৰুত্ব প্ৰদান কৰিব লাগিব বুলিও তেওঁ কয়।লগতে ছাত্ৰ ছাত্ৰীসকলকো তেওঁ এজন এজন ভাল চিত্ৰকাৰ হবলৈ বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। বৰজাৰ হাইস্কুলত অনুষ্ঠিত বিদ্যালয় উদ্বোধনী সভাখনত সভাপতিত্ব কৰে বৰজাৰ বহাগী উৎসৱৰ স্হায়ী সমিতিৰ সভাপতি দিলীপ কুমাৰ হালৈয়ে। সভাত বৰজাৰ হাইস্কুলৰ প্ৰধান শিক্ষক সত্যনাথ কলিতা, বৰজাৰ বহাগী উৎসৱ স্থায়ী সমিতিৰ প্ৰাক্তন সভাপতি ভূপেন চন্দ্ৰ কলিতা আৰ্ট শিক্ষক বিদ্যুৎ বৰ্মনে বক্তব্য আগবঢ়ায়। বৰজাৰ বহাগী উৎসৱৰ স্থায়ী সমিতিৰ সম্পাদক ধ্ৰুৱজ্যোতি  হালৈৱে আঁত ধৰা সভাখনত প্ৰেৰণা প্ৰত্যাশীয়ে গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। ইতিমধ্যে গাঁওখনৰ বহু ছাত্ৰ- ছাত্ৰীয়ে নামভৰ্তি কৰা বিদ্যালয়খনত অহা ১ ছেপ্টেম্বৰৰ পৰা  নিয়মীয়াকৈ শিক্ষাদান আৰম্ভ হব বুলি উদ্যোক্তাসকলে উল্লেখ কৰিছে৷
প্ৰেৰক শৈলেন বৰ্মন
You might also like