আজিৰে পৰা মাজ জালভাৰী গাঁওৰ চৌধ প্ৰসঙ্গীয়া নামঘৰত পালনাম মহোৎসৱ
নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ ঢকুৱাখনা মহকুমাৰ পশ্চিম ঢকুৱাখনা গাঁও পঞ্চায়তৰ অন্তৰ্গত মাজ জালভাৰী গাঁওৰ চৌধ প্ৰসঙ্গীয়া মহাপুৰুষীয়া নামঘৰত মাজ জালভাৰী গাঁওবাসীয়ে ২২ জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ৭২সংখ্যক পালনাম মহোৎসৱ আজি পুৱা প্ৰভাত ফেৰীৰে শুভাৰম্ভ কৰা হয় ৷
মাজ জালভাৰী গাঁওৰ গায়ন বায়ন, ভোলানাথ মন্দিৰৰ ভকতবৃন্দ, টোকাৰী সংঘ, মহিলা সমিতি, যুৱ সংঘ আৰু আইসকলৰ দ্বাৰা ঊষা কীৰ্তন আৰু প্ৰভাত ফেৰীৰ অন্তত প্ৰসঙ্গ, পৰিৱেশ নিকাকৰণৰ পিছতে মাজ জালভাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি মুকুণ্ড বৰুৱাই গছপুলি ৰোপণ, মাজ জালভাৰী গাঁওৰ নামাচাৰ্য পুনাৰাম দত্তই বন্তি প্ৰজ্বলন, পালনাম উদযাপন সমিতিৰ সভাপতি খগেন্দ্ৰ নাথ দত্তই ধৰ্ম ধ্বজা উত্তোলন আৰু মাজ জালভাৰী গাঁওৰ পাঠক ডিম্বেশ্বৰ দত্তই স্মৃতি তৰ্পণ কৰে ৷
আচাৰ্য বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীৰ আদৰণি আৰু আসন গ্ৰহণৰ পিছতে উদ্বোধক মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেবগোস্বামীৰ আদৰণি আৰু আসন গ্ৰহণ তথা উদ্বোধনী ভাষণৰ অন্তত পালনাম আৰম্ভ কৰা হয় ৷