নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান সাহায্য হৰলুকিঃ যোগীঘোপাত ঔডুবী পঞ্চায়তৰ উপসভানেত্ৰীক গ্ৰেপ্তাৰঃ জেল হাজোতলৈ প্ৰেৰণ 

নিয়মীয়া বাৰ্তা,  ২৪ জুনঃ  বানৰ এই বিভীষিকাময় পৰিৱেশৰ মাজত বান সাহায্য হৰলুকি কৰি ৰঙাঘৰৰ আলহী হল বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমা অন্তৰ্গত ঔডুবী পঞ্চায়তৰ উপ-সভানেত্ৰী ।ঔডুবী পঞ্চায়তৰ উপ-সভানেত্ৰী বুলুৱাৰা বেগমে  বানত কক-বকাই থকা বানাক্ৰান্ত লোকৰ বাবে আৱন্টিত হোৱা চাউল আৰু দালি হৰলুকি কৰি অৱশেষত ৰঙাঘৰৰ ভাত খাবলগা হল। বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষীয়ে  ঔডুবী গাঁও পঞ্চায়তৰ উপ-সভানেত্ৰী তথা সদস্যা বুলুৱাৰা বেগমক বান সাহায্য হৰলুকি কৰাৰ অভিযোগত আজি গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলুৱাৰা বেগম খেলুৱাপাৰা সপ্তম খণ্ড(সুতিৰমুখ) গাঁৱৰ সদস্যা বুলি জনা গৈছে । জানিব পৰা মতে, বান সাহায্য হৰলুকি কৰাৰ অভিযোগত পঞ্চায়ত সদস্যা বুলুৱাৰা বেগমৰ বিৰুদ্ধে বইটামাৰী ৰাজহ চক্ৰ বিষয়া সুজাতা গোস্বামীয়ে কালি যোগীঘোপা থানাত এখন এজাহাৰ দাখিল কৰে ।

উক্ত এজাহাৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৪০৯ অধীনত ১১২/২০২২ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি আজি বুলুৱাৰা বেগমক ধুবুৰী জিলাৰ চাপৰৰ পৰা গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে আজি বুলুৱাৰা বেগমক গ্ৰেপ্তাৰ কৰি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে ।উল্লেখ্য যে,  পঞ্চায়ত সদস্যা বুলুৱাৰা বেগমৰ বিৰুদ্ধে বান সাহায্য বিতৰণৰ ক্ষেত্ৰত অনিয়মৰ অাশ্ৰয় লোৱাৰ  অভিযোগ উত্থাপিত হোৱাত  কালি বইটামাৰী ৰাজহ চক্ৰ বিষয়া সুজাতা গোস্বামীয়ে ঔডুবি গাওঁ পঞ্চয়তৰ সচিব আৰু লাট মণ্ডলৰ সৈতে তদন্ত কৰিবলৈ উক্ত গাঁৱত উপস্থিত হয় ।বিষয়া গৰাকীৰ তদন্তত বুলুৱাৰা বেগমে বান সাহায্য  বিতৰণত  কৰা অনিয়ম ধৰা পৰে । পিছত ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে বুলুৱাৰা বেগমৰ বিৰুদ্ধে যোগীঘোপা থানাত এখন এজাহাৰ দাখিল কৰিছিল ।

প্ৰতিবেদকঃ টিংকু চন্দ্ৰ দাস, যোগীঘোপা 

You might also like