নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত এপিএছচি উত্তীৰ্ণ হৰিচৰণ ভূমিজক কিংশুক আদৰ্শ বঁ‌টা প্ৰদান

বিশেষ বাৰ্তা, ৬ নৱেম্বৰঃ ‘যিকোনো ক্ষেত্ৰত সফলতাৰ বাবে চেষ্টা কৰিবই লাগিব। যদি চেষ্টা ভালদৰে কৰা যায় তেন্তে সফলতা এদিন আহিবই। চেষ্টাৰ অসাধ্য একো নাই।’ অসম লোকসেৱা আয়োগৰ ২০২০ পৰীক্ষাৰ অসম আৰক্ষী সেৱা বিভাগত সফলতাৰে উত্তীৰ্ণ হোৱা মৰিয়নিৰ হতিচৰণ ভূমিজে এইদৰে কয়। আজি মৰিয়নিৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান কিংশুক ক্ৰীড়া- সাংস্কৃতিক চ’ৰা আৰু মৰিয়নি প্ৰেছ ক্লাৱৰ উদ্যোগত আজি কিংশুক সভাকক্ষত আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে কয় হৰিচৰণ ভূমিজে। এই অনুষ্ঠানতে হৰিচৰণক এই বৰ্ষৰ ‘কিংশুক আদৰ্শ বঁ‌টা’ প্ৰদান কৰা হয়। সম্বৰ্ধনা আৰু বঁ‌টা গ্ৰহণ কৰি হৰিচৰণ ভূমিজে নিজৰ সফলতাৰ আঁ‌ৰৰ কথা উল্লেখ কৰে। সৰুতে দেউতাকক হেৰুওৱা হৰিচৰণৰ শৈক্ষিক যাত্ৰাত সহযোগ আগবঢ়োৱা সকলো ব্যক্তি আৰু অনুষ্ঠানৰ সহযোগিতাক তেওঁ কৃতজ্ঞতাৰে সোঁ‌ৱৰে। ‘কিংশুক আদৰ্শ বঁ‌টা’ত কিংশুক চ’ৰাৰ লগতে মৰিয়নি প্ৰেছ ক্লাৱৰ বিষয়ববীয়াসকলে হৰিচৰণক গামোচা, চেলেং চাদৰ, ফুলৰ থোপা, সঁ‌ফুৰা, প্ৰশস্তি পত্ৰ আদি প্ৰদান কৰে। কিংশুক মহিলা চ’ৰাৰ তৰফৰ পৰাও হৰিচৰণক সম্বৰ্ধনা জনোৱা হয়। ইফালে, প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰি থকা মৰিয়নি প্ৰেছ ক্লাৱ আৰু কিংশুকৰ উদ্যোগত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু তিথিৰ সৈতে সংগতি ৰাখি আজি এক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰে। পুৱা ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি দীপক দত্তই সুধাকন্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি কাৰ্য্যসূচীৰ মুকলি কৰে। আনহাতে,মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোহাঁইবৰুৱাই প্ৰতিযোগিতা শুভাৰম্ভ কৰে। দুটা শাখাত অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । ইফালে, বিয়লি অনুষ্ঠিত সাংস্কৃতিক কাৰ্য্যসূচী বন্তি প্ৰজ্বলন কৰি মুকলি কৰে সমাজকৰ্মী অজিত শইকীয়াই। অনুষ্ঠানৰ আৰম্ভণীতে সদ্য প্ৰয়াত মৰিয়নিৰ অভিভাৱক স্বৰূপ, বিশিষ্ট শিল্পী ৰত্নেশ্বৰ মালাকাৰ, চিৰসেউজ অভিনেতা নিপন গোস্বামী, চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু জ্যেষ্ঠ অভিনেতা ভোলা কটকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মৌন প্ৰাৰ্থনা কৰা হয়। এই অনুষ্ঠানত উদীয়মান গায়িকা প্ৰিয়াংকী হাজৰিকা, কণমানি প্ৰাচী বৰা, প্ৰতীক্ষা দে, তপন চক্ৰৱৰ্তী আদিৰ গীতৰ অনুষ্ঠানৰ লগতে আস্থা গোহাঁইবৰুৱাৰ নৃত্যই সকলোকে আপ্লুত কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু মৰিয়নি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিলোচন নাথে দিন বাগৰাৰ লগে লগে ভূপেন হাজৰিকাকে ধৰি বৰেণ্য ব্যক্তিসকলক অসমৰ ৰাইজে পাহৰি পেলাইছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে। নতুন প্ৰজন্মই যদি অসমৰ মনিষীসকলক পাহৰি যায় তেন্তে অসমৰ বাবে সেয়া এক বিপদ স্বৰূপ হ’ব বুলিও দুয়ো মন্তব্য কৰে। অসমৰ সেই বৰেণ্য ব্যক্তি সকলক অসমৰ ৰাইজে সদায় মনত ৰাখিব লাগিব বুলি মন্তব্য কৰি এই ক্ষেত্ৰত সকলো ৰাইজৰে দায়িত্ব আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। মৰিয়নিৰ বিশিষ্ট শিক্ষাবিদ, অৱসৰপ্ৰাপ্ত শিক্ষক নেকিবুল ইছলামে এই অনুষ্ঠানতে সুধাকন্ঠৰ সম্পৰ্কত সাৰুৱা বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানতে ২০২০ বৰ্ষৰ শিক্ষক দিৱসত ‘গুৰু ৰত্ন’ বঁ‌টা লাভ কৰা, মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক প্ৰিতম কুমাৰ শইকীয়া আৰু ৰ’দালি সামাজিক সাংস্কৃতিক গোষ্ঠীয়ে এই বৰ্ষৰ শ্ৰেষ্ঠ সাংবাদিকৰ বঁ‌টা আগবঢ়োৱা নিউজ লাইভৰ মৰিয়নিৰ সংবাদদাতা প্ৰাঞ্জল পাওগামক সম্বৰ্ধনা জনোৱা হয়। দিব্যজ্যোতি শইকীয়াই আঁ‌ত ধৰা অনুষ্ঠানটোতে এইবৰ্ষৰ কৃতী ছাত্ৰ ছাত্ৰী ক্ৰমে প্ৰজ্ঞানজ্যোতি বৰা, দৃষ্টি শৰ্মা, জয়শীল পৰাশৰ, ৰোহন ডেকা আৰু বিভূতি বেৰিয়াক ৰাজহুৱা অভিনন্দন জনোৱা হয় ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like