নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰত আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা সম্পন্ন

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰ : খেলাধূলাৰ মাধ্যমৰে শৰীৰ চৰ্চা কৰা শীৰ্ষক মূলমন্ত্ৰৰে সমগ্ৰ বিশ্বতে গঢ়ি উঠিছিল প্ৰবীণ ক্ৰীড়াৰ গতানুগতিক বাৰ্ধক্য আৰু পৌঢ় জীৱনলৈ স্বাভাৱিক ৰূপত প্ৰৱেশ কৰা শাৰীৰিক দুৰ্বলতা, মানসিক আলসতা আদিক একাষৰীয়া কৰি নিজকে ৰোগমুক্ত কৰি ৰখাৰ লগতে সুস্বাস্থ্য আৰু সুস্থ শৰীৰৰে জীৱনটো অতিবাহিত কৰিব পৰাকৈ গৱেষণাৰ জৰিয়তে জন্ম হৈছিল প্ৰবীন ক্ৰীড়াৰ চিন্তাধাৰাৰ৷ ইয়াৰ আলম লৈ ভাৰতবৰ্ষ, অসম আৰু শোণিতপুৰ জিলাতো শোণিতপুৰ ডিষ্ট্ৰিক্ট মাষ্টাছ এচ’ছিয়েছন নামৰ ক্ৰীড়াৰ সংগঠন গঢ়ি তুলিছিল৷ মাষ্টাছ এথলেটিকছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ স্বীকৃতিপ্ৰাপ্ত এই সংগঠনটোৱে ধাৰাবাহিকভাৱে প্ৰতিবছৰে জিলা ভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগত ৰাজ্যিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতাও লাভ কৰিছে৷ ইয়াৰ অংশ স্বৰূপে আজি জিলাখনৰ চাৰিদুৱাৰ স্পছ ক্লাৱ আৰু স্থানীয় খেল অনুৰাগী কেইবাগৰাকীৰ সহযোগত জিলা ভিত্তিক বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ যায়৷৷ প্ৰতিযোগিতাৰ পূৰ্বে সংগঠনটোৰ সভাপতি আন্তৰাষ্ট্ৰীয় খেলুৱৈ ডা° বিশ্বৰঞ্জন কলিতাই সংগঠনটোৰ পতাকা উত্তোলন কৰে৷ ইয়াৰ পিছতেই স্থানীয় সমাজকৰ্মী নাৰায়ন দাসে শোণিতপুৰ ডিষ্ট্ৰিক্ট মাষ্টাছ এচছিয়েশ্যনে প্ৰকাশ কৰি উলিওৱা এখনি ৰঙীন পুস্তিকা উন্মোচন কৰে৷ উন্মোচনী ভাষণত তেখেতে মাষ্টাছ এচছিয়েশ্যনৰ কৰ্মতৎপৰতাৰ শলাগ লয় আৰু খেল প্ৰতিযোগিতা খনৰ সফলতা কামনা কৰে৷ সংগঠনটোৰ কাৰ্যকৰী সভাপতি বিদ্যুৎ বিজয় মহন্তই আঁতধৰা অনুষ্ঠানটিত জিলা খনৰ বিভিন্ন প্ৰান্তৰ দুশগৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে৷ উল্লেখ্য যে ৩৫ বছৰ ঊৰ্ধৰ পৰা আৰম্ভ কৰি ৭৫+ বছৰীয়া খেলুৱৈয়ে পুৰুষ মহিলা ১২টা ইভেন্টত অংশ গ্ৰহণ কৰে৷ খেলুৱৈসকলে অংশ গ্ৰহণ কৰা ইভেন্টসমূহ হ’ল ক্ৰমে ১০০, ২০০ ,৪০০ , ৮০০ ১৫০০ আৰু ৫০০০ মিটাৰ দৌৰ, ৫ কিঃমিঃ খোজকঢ়া, গধুৰ বল, জেভলিন, ডিচকাছ, হামাৰ থ্ৰ আৰু দীঘল জাম্প ইত্যাদি৷ উল্লেখ্য যে জিলা পৰ্যায়ৰ পৰা নিৰ্বাচিত খেলুৱৈসকলে অহা ৭ ডিচেম্বৰৰ পৰা জিলা ভিত্তিক প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব পাৰিব৷ উল্লখ্য যে আজিৰ প্ৰতিযোগিতাসমূহ পৰিচালনা কৰে ক্ৰমে মৃগেন কলিতা, নলিনী মিশ্ৰ, যতীন বৰা, নয়নমণি শৰ্মা, বিদ্যুত বিজয় মহন্ত, দুলাল নাথ, ত্ৰিনয়ন বৰুৱা, ৰাতুল কোঁৱৰ, খগেন নায়ক,কমলেশ্বৰ শইকীয়াই৷ লগতে কাৰ্যালয় পৰিচালনা কৰে যুটিয়া সম্পাদক প্ৰাঞ্জল শইকীয়াই৷ সমগ্ৰ অনুষ্ঠানটি পৰিচালনা কৰাত বিশেষভাৱে সহযোগিতা আগবঢ়োৱা চাৰিদুৱাৰৰ ৰাজনীশ শইকীয়া, কৃষ্ণ ছেত্ৰী আৰু ৰোহিত প্ৰধানক শোণিতপুৰ মাষ্টছ এথেলেটিকছ এ’চছিয়েছনে বিশেষ ভাৱে শলাগ লয়৷

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like