পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অন্তৰংগ আলাপ
- ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰৰ দ্বাৰা তিনিখন একাংক নাট প্ৰদৰ্শন
- সন্মিলনীলৈ প্ৰাগজ্যোতি ক্লাবৰ পঞ্চাছ হাজাৰ টকাৰ বৰঙণি
নিয়মীয়া বাৰ্তা, ১৬এপ্ৰিলঃ অসমৰ বৌদ্ধিক পৰিমণ্ডলৰ অন্যতম কাণ্ডাৰী পাটাছাৰকুছি বিদ্যাপীঠৰ সৰ্বাংগীন বিকাশৰ চিন্তাৰে ইয়াৰ গৌৰৱৰ ইতিহাসৰ পুনৰাবৃত্তি ঘটোৱাৰ বাস্তৱসন্মত প্ৰয়াস কৰি পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু বৃহত্তৰ পাটাছাৰকুছিৰ প্ৰবাসী লোকৰ সৈতে আজি দুই ব’হাগত মন্ত্ৰীগৰাকীৰ উদ্যোগত আৰু পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ সৌজন্যত পাটাছাৰকুছি বিদ্যাপীঠৰ বকুল তলিত সজ্জিত অস্থায়ী মঞ্চ তথা ৰভাৰ তলত এক অন্তৰংগ আলাপ অনুষ্ঠিত হৈ যায়। অন্তৰংগ আলাপত পাটাছাৰকুছি বিদ্যাপীঠৰ লগতে বৃহত্তৰ পাটাছাৰকুছিৰ সৰ্বদিশৰ অনগ্ৰসতাৰ কেৰোণসমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰৱাসী লোকৰ সৈতে মত বিনিময়ৰে উদ্ঘাটন কৰি সেইবোৰ যথাসম্ভৱ সমাধানৰ উজু পথ গ্ৰহণ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত এই অনুষ্ঠানত পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ভাষণ ৰাখি কয় যে “শিক্ষক শিক্ষয়িত্ৰীসকলে মাজে সময়ে ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰলৈ গৈ তেওঁলোকৰ অভিভাৱকৰ লগত শৈক্ষিক বিষয়ত আলোচনা কৰিব লাগিব আৰু ছাত্ৰ বা ছাত্ৰীগৰাকীৰ দুৰ্বলতা আৰু আসোৱাহসমুহ উনুকিয়াই দিব লাগিব । বিদ্যালয় কৰ্তৃপক্ষই বছৰত কমেও দুখন অভিভাৱকৰ সভা পাতি ছাত্ৰ- ছাত্ৰী আৰু বিদ্যালয়ৰ অসুবিধাৰ বিষয়ে আলোচনা কৰি সমাধানৰ চেষ্টা কৰিব লাগিব । মহৎ কাম বা কথা একো নাই ৷ সকলো কাম আৰু কথাই মহৎ । অকল শিক্ষক – শিক্ষয়িত্ৰীৰ বাবেই বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী কমি যোৱা নাই । ইয়াৰ গুণগত মানদণ্ড উন্নত কৰিব লাগিব ৷ওচৰে পাজৰে বিদ্যালয় স্থাপন হোৱাৰ বাবেও বিদ্যাপীঠত ছাত্ৰছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা কমিছে ৷ গতিকে বিদ্যাপীঠৰ গুণগত মানদণ্ড শিক্ষক শিক্ষয়িত্ৰীৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা ৰাইজে একলগ হৈ উন্নত কৰিব লাগিব ৷” মন্ত্ৰী ৰনজিত কুমাৰ দাসে বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ কৰ্মসূচীৰ প্ৰশংসা কৰি বিদ্যাপীঠত খালি হৈ থকা অতি প্ৰয়োজনীয় শিক্ষকৰ পদত ঠিকা ভিত্তিত অস্থায়ীভাৱে নিযুক্তি দিবলৈ বিদ্যালয় কৰ্তৃপক্ষক অনুৰোধ জনায় ৷ প্ৰয়োজনত মন্ত্ৰীগৰাকীয়ে নিজেও সহায় কৰিব বুলিও কয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰেন্দ্ৰ নাথ শৰ্মাৰ প্রতিচ্ছবিত তথা প্রয়াত শিক্ষক – কৰ্মচাৰীক শ্ৰদ্ধাঞ্জলি জনায় বিদ্যালয়খনৰ অধ্যক্ষ তপন কুমাৰ শৰ্মাই আৰু প্ৰয়াত ছাত্ৰ – ছাত্ৰী সকললৈ শ্ৰদ্ধাঞ্জলি জনায় প্ৰাক্তন ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত অধাপক মুনীন্দ্র নাৰায়ণ গোস্বামীয়ে। ইয়াৰ পিছতে বিদ্যালয়খনৰ অধ্যক্ষ তপন কুমাৰ শৰ্মা আৰু বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰী সন্মিলনৰ সভাপতি তথা পূৱ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড°বলেন দেৱ চৌধুৰীয়ে চমু বক্তব্যত বিদ্যাপীঠৰ সমস্যা আৰু সন্মিলনৰ বাৰ্ষিক কৰ্মসূচী ৰাইজক অৱগত কৰে । সন্মিলনীৰ কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ ৰয়ে আঁত ধৰা এই অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ক্ৰমে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰী, গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ হোমেশ্বৰ কলিতা, অতিৰিক্ত চিকিৎসা সঞ্চালক ডা°পুলিন চন্দ্ৰ শৰ্মা, কৃষি বিভাগৰ যুটীয়া সঞ্চালক হেমন্ত কলিতা, গুৱাহাটী উচ্চ ন্যায়ালয় অধিবক্তা প্ৰমোদ গোস্বামী, পি এইচ ইৰ কাৰ্যবাহী অভিযন্তা মনোজ দাস, বীৰঝৰা কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ খনিন্দ্ৰ শৰ্মা, হাফলং চৰকাৰী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধৰনীধৰ ৰয়, টিহু কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গিৰিন শৰ্মা, অৱসৰপ্ৰাপ্ত চিকিৎসা সঞ্চালক অতুল শৰ্মা, ক্ৰীড়া বিভাগৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক ভূপেন চৌধুৰী, অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ পৰিকল্পনা বিষয়া গোকুল কুমাৰ শৰ্মা, প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক অমৰেন্দ্ৰ বল্লভ চৌধুৰী, প্ৰবীন ক্ৰীড়াবিদ শ্ৰীপদ চৌধুৰী, যোগান বিভাগৰ পৰিদৰ্শক নিতুল শৰ্মাকে ধৰি যথেষ্ট সংখ্যক প্ৰাক্তন ছাত্ৰ – ছাত্ৰীৰ উপৰিও বৃহত্তৰ পাটাছাৰকুছি অঞ্চলৰ প্ৰবাসী ক্ৰমে অসমীয়া প্ৰতিদিন কাকতৰ মুদ্ৰক যতীন চৌধুৰী, পদ্মনাথ দাস, কল্যাণ কুমাৰ শৰ্মা আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সদানন্দ দাস আৰু সন্মিলনীৰ সম্পাদক প্ৰসন্ন কুমাৰ শৰ্মাই সহযোগিতা আগবঢ়োৱা এই অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে উপস্থিত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰী আৰু বৃহত্তৰ পাটাছাৰকুছি অঞ্চলৰ প্ৰবাসীসকলক একোখনকৈ গামোচাৰে বিহুৰ ওলগ জনায়। অনুষ্ঠানত পাটাছাৰকুছিৰ অন্যতম স্বেচ্চাসেৱী সামাজিক অনুষ্ঠান প্ৰাগজ্যোতি ক্লাবে পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীলৈ পঞ্চাছ হাজাৰ টকাৰ এটি বৰঙনি চেক যোগে প্ৰদান কৰে।
আনহাতে পাটাছাৰকুছি বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ উদ্যোগত সন্মিলনীৰ নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি সন্ধিয়া এই মঞ্চতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা দুখন আৰু প্ৰাক্তন ছাত্ৰৰ দ্বাৰা এখন সহ মুঠ তিনিখন একাংক নাট প্ৰদৰ্শন হব। অভিজিত ৰঞ্জন ভটাচাৰ্যৰ ৰচিত তথা হিৰেণ শৰ্মাৰ দ্বাৰা পৰিচালিত “অস্ত্ৰোপচাৰ” শীৰ্ষক নাটখন প্ৰাক্তন ছাত্ৰৰ দ্বাৰা আৰু মকবুল হক আৰু খনীন্দ্ৰ নাথ শৰ্মাৰ দ্বাৰা পৰিচালিত তথা শ্যামাপ্ৰসাদ শৰ্মাৰ দ্বাৰা ৰচিত “বিশ্বাস” আৰু প্ৰকাশ মেধিৰ দ্বাৰা ৰচিত “সপোন পৰী” শীৰ্ষক নাট দুখন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰদৰ্শন হব।
উৎপল মেধি