নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালা পৌৰসভাৰ স্বচ্ছতা বঁটা-২০২৩ লাভ

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰাৰ ভিত্তিত অসমৰ ৫ খন পৌৰসভালৈ ২০২৩ বৰ্ষৰ স্বচ্ছতা বঁটা প্ৰদান কৰিছে। ইয়াৰ ভিতৰত স্বচ্ছতাৰ দিশত পাঠশালা পৌৰসভায়ো গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোতে লাভ কৰে স্বচ্ছতা বটা। বঁটা লাভ কৰি উৎফুল্লিত পাঠশালা পৌৰসভাৰ কৰ্মচাৰী। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত সভাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নিজ হাতে প্ৰদান কৰিছে এই বঁটা। আনহাতে পাঠশালা পৌৰসভাৰ উদ্যোগত পাঠশালা নগৰৰ প্ৰতিটো ৱাৰ্ডৰ ঘৰে ঘৰে সংগ্ৰহ কৰি ৰখা ‘অমৃত কলহ’ আত্মসহায়ক গোটৰ সহস্ৰাধিক মহিলাই সন্মিলিত ভাৱে পাঠশালা পৌৰসভাৰ কাৰ্যালয়ত মুঠ চাৰিটা কলহ জমা দিয়ে।ইয়াৰ পিছতে পৌৰসভাৰ কাৰ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হয় এখন সাধাৰণ সভা। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পাটাছাৰকুছিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ভাষন প্ৰসংগত মন্ত্ৰী দাসে স্বচ্ছতাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই আত্মসহায়ক গোট সমুহৰ সহস্ৰাধিক মহিলাই সংগ্ৰহ কৰি অনা অমৃত কলহ সমুহ নতুন দিল্লীত স্হাপন হ’বলগীয়া অমৃত উদ্যানলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হয় বুলি কয়। ইয়াৰোপৰি এই অমৃত কলহৰ মাটি বিভিন্ন চৰকাৰী শুভকামত ব্যৱহাৰ কৰা হ’ব বুলি সভাত উপস্থিত ৰাইজক উদ্দেশ্যি কয়। উল্লেখ্য যে জাতীয় সংগীত পৰিৱেশনেৰে আৰম্ভণি ঘটা এই অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপৰিও উপস্থিত থাকে অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনীয়াৰ, ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰাপক কুমুদ কলিতা, পাটাছাৰকুছি পৌৰসভাৰ পৌৰপতি জয়ন্ত তহবিলদাৰ, পাঠশালা পৌৰসভাৰ পৌৰপতি জুলী চৌধুৰী, উপ পৌৰপতি ৰাতুল ৰয়, অসম সৌৰভ বঁটা প্ৰাপক কৃষ্ণ ৰয় ,মুক্তি যুঁজাৰু সন্হাৰ বিষয়ববীয়া ৰোহিনী শৰ্মাৰ উপৰিও পাঠশালা পৌৰসভাৰ বিষয়া কৰ্মচাৰীৰ লগতে আত্মসহায়ক গোট সমুহৰ সহস্ৰাধিক মহিলা।

প্ৰেৰক কল্যাণ কলিতা

You might also like