নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ বৰ্ডিং ফিল্ড সংৰক্ষণৰ দাবীত ৪ অক্টোবৰত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ কিংবদন্তি ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা, তৈয়বুন নোচাৰ লগতে শ শ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদৰ সৃষ্টিৰ ভূমি তথা শিৱসাগৰবাসীৰ গৌৰৱ আৰু অহংকাৰৰ প্ৰতীক ঐতিহাসিক বৰ্ডিং খেলপথাৰৰ সেউজীয়া বক্ষ এতিয়া ক্ষত বিক্ষত ৷ খেলুৱৈৰ আখৰাৰ পৰিৱৰ্তে বৰ্ডিং খেলপথাৰত ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰাৰ নামত খেলপথাৰখনৰ ব্যাপক ক্ষতি কৰাক লৈ ক্ৰীড়া মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ তত্বাৱধানত থকা খেলপথাৰখনক লৈ এতিয়া দৈনিক ক্ৰীড়াৰ অনুশীলন কৰা খেলুৱৈ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। শিৱসাগৰ নগৰত খেলৰ অনুশীলনৰ বাবে এনেও খেলপথাৰৰ অভাৱ। শিৱসাগৰ ক্ৰীড়া সন্থাৰ পিয়লি ফুকন ষ্টেডিয়ামো আজি বছৰ বছৰ ধৰি মেৰামতিৰ আওতাত আছে যদিও কোন দিনাখন খেলুৱৈৰ বাবে মুকলি হব সেইয়া এতিয়া সূদুৰপৰাহত৷ সেইদৰে দৰবাৰ খেলপথাৰ নলা-নৰ্দমাৰ সমস্যাৰ বাবে বৰ্তমান পানীৰে ভৰি থাকে।এই খেলপথাৰখনো বৰ্তমান মেৰামতিৰ তাগিদাত আছে।ইয়াৰ বাহিৰে খেলৰ অনুশীলনৰ বাবে থকা একমাত্ৰ খেলপথাৰ হৈছে বৰ্ডিং খেলপথাৰ।কিন্তু বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ বাবে খেলপথাৰখনৰ অৱস্থা শোচনীয় হৈ পৰিছে।যাৰ বাবে চলিত বছৰৰ পৰা একাংশ ক্ৰীড়ানুৰাগীয়ে বৰ্ডিং খেলপথাৰৰ ভিতৰত গাঁত খান্দি খেলপথাৰখন অনুপযোগী নকৰিবলৈ কৰ্তৃপক্ষক আহবান জনাই খেলপথাৰৰ ভিতৰত কোনো মণ্ডপ নিৰ্মাণৰ অনুমতি নিদিবলৈ আহবান জনাইছিল। যাৰ পৰিপ্ৰেক্ষিতত বৰ্ডিং খেলপথাৰত বিগত বহু বছৰৰ পৰা অনুষ্ঠিত হৈ থকা শিৱসাগৰ জিলা ছাত্র সন্থাৰ মুকলি বিহু আৰু সন্মিলিত ৰঙালী বিহুৰ অনুষ্ঠান দুটা মূল খেলপথাৰত নাপাতি খেলপথাৰখনৰ অনিষ্ট সাধন নোহোৱাকৈ কাষত পাতি এক নজিৰ স্থাপন কৰি গৈছিল। সেইদৰে বিদ্যালয় কৰ্তৃপক্ষয়ো বৰ্ডিং খেলপথাৰত অনুষ্ঠিত কৰিব লোৱা যিকোনো ৰাজহুৱা অনুষ্ঠানৰ বাবে খেলপথাৰৰ কাষত অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদানৰ ধাৰা আৰম্ভ কৰিছিল। কিন্তু আচৰিতভাৱে অহা নৱেম্বৰ মাহৰ আৰম্ভণিত অনুষ্ঠিত হ’বলগীয়া এক ৰাজহুৱা অনুষ্ঠানে অনুৰূপ অনুমতি লৈ অনুষ্ঠান আৰম্ভ হোৱাৰ এমাহৰ আগতেই খেলপথাৰৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত খান্দি শ শ বাঁহ পুতি খেলপথাৰখনৰ ব্যাপক অনিষ্ট সাধন কৰিছে। বিশ্ব শান্তিৰ বাবে আয়োজন কৰা উক্ত অনুষ্ঠানৰ ফলত যে বহু খেলুৱৈ এমাহতকৈ অধিক দিন অনুশীলনৰ পৰা বঞ্চিত হ’ব সেই বিষয়ক লৈ আয়োজক সমিতিৰ কোনো ভ্ৰুক্ষেপ নাই। উক্ত অনুষ্ঠান সম্পন্ন হোৱাৰ পাছত খান্দি থোৱা গাঁতবোৰ যে কোনো প্ৰতিভাৱান খেলুৱৈৰ বাবে মৰণফান্দ হ’ব পাৰে সেই বিষয়ো ভৱাৰ কাৰো আহৰি নাই।তাৎপৰ্যপূৰ্ণভাৱে বিদ্যালয় কৰ্তৃপক্ষই মূল খেলপথাৰৰ বাহিৰত অনুষ্ঠান পাতিবলৈ অনুমতি দিছে যদিও উদ্যোক্তাই খেলপথাৰৰ মাজত মঞ্চ-মণ্ডপ নিৰ্মাণ কৰিব লোৱাৰ পাছতো বিদ্যালয় কৰ্তৃপক্ষ তথা শিৱসাগৰ জিলা প্ৰশাসন নিমাতে আছে।অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া বিশ্ব শান্তিৰ কাৰ্যসূচীৰ বাবে এমাহ আগৰ পৰা মূল খেলপথাৰখন আৱদ্ধ কৰি ৰখাতো কিমান সমীচিত সেই বিষয়ক লৈ প্ৰশ্ন উত্থাপন হৈছে। আনহাতে বিষয়ক কেন্দ্ৰ কৰি শিৱসাগৰৰ একাংশ ক্ৰীড়ানুৰাগীয়ে খেলপথাৰখন ৰক্ষাৰ স্বাৰ্থত ৰাজহুৱা সচেতনমূলক কাৰ্যসূচী হাতত লোৱাৰ পৰিকল্পনা কৰিছে।বৰ্ডিং খেলপথাৰত ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰাত এই সকল লোকৰ বিৰোধিতা নাই যদিও মূল খেলপথাৰখন সুকলমে ৰাখি ক্ৰীড়া আৰু সমাজৰ উন্নতি হোৱা কামনা কৰিছে। অহা ৪ অক্টোবৰত বৰ্ডিং খেল পথাৰ কেৱল ক্ৰীড়াৰ বাবে সংৰক্ষিত কৰাৰ দাবীত শিৱসাগৰৰ সচেতন নাগৰিক, দল-সংগঠন,অনুষ্ঠা-প্ৰতিষ্ঠানে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এঘন্টীয়া প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like