নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিত একেদিনাই ১১খন প্ৰাচীৰ পত্ৰিকা উন্মোচন

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদানেই আমাৰ একমাত্ৰ উদ্দেশ্য৷ আজি গান্ধী জয়ন্তী উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানৰ পাছতে শিক্ষানুষ্ঠানখনৰ ১১ বিভাগৰ ১১খনকৈ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰি এই মন্তব্য কৰে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ তথা অধ্যক্ষ ড০ ৰঞ্জিত ডেকাই৷ ভাষণ প্ৰসংগত ড০ ডেকাই আৰু কয় যে আনন্দৰাম বৰুৱা একাডেমিৰ প্ৰতিটো বিভাগৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিব লাগিব৷ উল্লেখযোগ্যযে শিক্ষানুষ্ঠানখনৰ স্নাতক আৰু স্নাতকোত্তৰ শাখাৰ ইংৰাজী, অসমীয়া, শিক্ষা, দৰ্শন, ৰাজনীতি বিজ্ঞান, ভূগোল বিজ্ঞান, অৰ্থনীতি, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞানকে ধৰি মুঠ ১১টা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰি উলিয়ায় ১১খনকৈ প্ৰাচীৰ পত্ৰিকা আৰু আটাইকেইখন প্ৰাচীৰ পত্ৰিকা আজি একেলগে উন্মোচন কৰা হয়৷ শিক্ষানুষ্ঠানখনৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ নন্দিতা বৰ্মন ডেকা, সঞ্চালক অমূল্য কলিতা, উপাধ্যক্ষদ্বয় হিমাংশু বৰুৱা, মিন্টু কলিতা, পাঠ সমন্বয়ক মহোদৰ কলিতা, আই কিউ এ ছিৰ বিষয়ববীয়া নৃপেন দাস, হেমেন তালুকদাৰ অনুষ্ঠানত উপস্থিত থাকে৷ ইপিনে শিক্ষানুষ্ঠানখনৰ অৰ্থনীতি বিভাগৰ উদ্যোগত আৰু আই কিউ এ ছি ৰ সহযোগত এখন ছেমিনাৰো অনুষ্ঠিত হৈ যায়৷ কেবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা আৰু দুটা প্ৰক্ৰিয়াত অনুষ্ঠিত হোৱা চেমিনাৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড০ পৰাগ বৰ্মন, নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক জীতেন ভাগৱতী আৰু বজালী বি এড কলেজৰ অধ্যাপিকা ড০ চন্দনা দেৱীয়ে৷ চেমিনাৰখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ অনুপ শৰ্মাই৷ চেমিনাৰৰ অন্তত প্ৰতিগৰাকী অংশগ্ৰহণকাৰীকে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷ আনহাতে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি শিক্ষানুষ্ঠানখনৰ এন এছ কোষৰ উদ্যোগত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অধ্যক্ষ নন্দিতা বৰ্মন ডেকাই, মাল্যাৰ্পণ কৰে সঞ্চালক অমূল্য কলিতাই৷

প্ৰেৰক কল্যাণ কলিতা

You might also like