নাহৰকটীয়াত ব্যক্তিগত ধনেৰে ৰাজহুৱা স্থানত গছপুলি ৰোপণ সত্তৰোৰ্ধ্বৰ ব্যক্তিৰ
নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰ : ব্যক্তিগত স্বাৰ্থক আগস্থান দি জধে মধে গছ গছনি কাটি অৰণ্য আৰু প্ৰকৃতিক ধ্বংস কৰি একাংশ লোকে যি সময়ত পৃথিৱীৰ জীৱকুলৰ লগতে সমগ্ৰ বিশ্বলৈ অমানিশা কঢ়িয়াই অনাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত যি নেতিবাচক প্ৰভাৱ পেলাইছে তেনে সময়তে পৃথিৱীখনক পুনৰ সেউজ কৰি তোলাৰ স্বপ্নৰে সম্পূৰ্ণ নিজস্ব পৃষ্ঠপোষকতাত আগবাঢ়ি আহিছে নাহৰকটীয়াৰ এগৰাকী ৭০ উৰ্ধৰ বয়সৰ ব্যক্তি। নাহৰকটীয়া বালিঘাট নিবাসী পেছাত ৰেলৱে বিভাগৰ এগৰাকী ঠিকাদাৰ এইগৰাকী ব্যক্তিৰ নাম হল অৰুণ দাস। তেওঁৰ নিজৰ ভাষাৰে কবলৈ গলে প্ৰকৃতিৰ ওপৰত মানুহৰ যি ধংসলীলা, সিয়ে তেওঁক নিশা শুব নিদিয়ে, তেওঁ প্ৰতিনিশাই উজাগৰে পাৰ কৰে এই ধংশলীলাই উত্তৰ প্ৰজন্মৰ বাবে কঢ়িয়াই আনিব লগীয়া ভাবুকি কিদৰে প্ৰতিহত কৰিব পাৰি তাৰ উপশম বিচাৰি। আৰু অৱশেষত তেওঁ ইয়াৰ বাবে সম্পূৰ্ণ নিজস্ব ব্যক্তিগত প্ৰচেষ্টাত গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। এই পদক্ষেপৰ অংশ স্বৰূপে আজি এই ৭০ উৰ্ধৰ ব্যক্তি গৰাকীয়ে নাহৰকটীয়াৰ তিনিটাকৈ ৰাজহুৱা স্থানত মুঠ ৪০ হাজাৰ টকা ব্যয় সাপেক্ষে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা ৰোপণ কৰাই মুঠ ২৫২ জোপা মূল্যবান গছৰ পুলি। প্ৰণিধানযোগ্য যে নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰে আঁত ধৰা তথা নাহৰকটীয়া মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা এই অনুষ্ঠানটোত উপস্থিত থকা নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈ, নামৰূপস্থ অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰা, জয়পুৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া পুষ্পধৰ বৰগোহাঁই, জয়পুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত কুমাৰ ৰয়, বিশিষ্ট শিক্ষাবিদ সমাজ সেৱক বিশ্বজনীন দত্ত, বিশিষ্ট ক্ৰীড়াবিদ পিংকু হাজৰিকা, সমাজ সেৱক অমূল্য গগৈ, শিল্পী পেঞ্চনাৰ পঞ্চানন দেৱ গোস্বামী, শিক্ষাবিদ প্ৰকাশ শৰ্মা, সমাজ সেৱক ব্ৰীজ মোহন আগৰৱালা, নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰশাসনিক সমন্বয়ক ডঃ স্মৃতিৰেখা গগৈ গায়ন, গ্ৰন্থাগাৰিক সুৰজ গগৈ, সমাজ সেৱক ৰঞ্জিত নির্মলীয়া আদিকে ধৰি অধ্যাপক অধ্যাপিকা তথা ছাত্ৰ ছাত্ৰী সকলে গছপুলি ৰোপণ কৰি ধৰিত্ৰীক সেউজ কৰি তোলাৰ অংশীদাৰ হোৱাৰ লগতে অৰুণ দাসৰ এই ব্যতিক্ৰমী পদক্ষেপৰ ভুঁয়সী প্ৰশংসা কৰে আৰু তেওঁৰ এই পদক্ষেপৰ স্বীকৃতি স্বৰূপে ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈয়ে অৰুণ দাসক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে একেদিনাই অৰুণ দাসৰ নেতৃত্বত নাহৰকটীয়াৰ মনিপুৰীবাম- নামফাকে সংযোগী পথত ১০০ জোপা আৰু নিগাম অঞ্চলত ৫০ জোপা মূল্যবান গছপুলি ৰোপন কৰা হয়। মনকৰিবলগীয়া যে যি সময়ত একাংশ লোকে সামাজিক স্বাৰ্থ পৰিহাৰ কৰি ব্যক্তিগত লাভালাভক আগস্থান দিয়াৰ ফলত প্ৰকৃতি দ্ৰুতগতিত ধ্বংসৰ দিশলৈ গতি কৰিছে, তেনে সময়তে অৰুণ দাসৰ দৰে এগৰাকী ৭০ বছৰ গৰকা লোকে নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰকৃতি সুৰক্ষাৰ বাবে আগবাঢ়ি অহা খবৰে স্বাভাৱিকতে নৱ প্ৰজন্মকো এই ক্ষেত্ৰত উৎসাহিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰিব পাৰি।
প্ৰেৰক প্ৰাঞ্জল ভূঞা