নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্যটকৰ বাবে মুকলি পবিতৰা : উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকা-চন্দ্ৰমোহন পাটোৱাৰীয়ে

বিশেষ বাৰ্তা, ১১ অক্টোবৰ : অসম গৌৰৱ এশিঙীয়া গড়ৰ বাসস্থান পবিতৰা অভয়াৰণ্য চলিত বৰ্ষত পৰ্যটকৰ বাবে মুকলি কৰা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত আজি মন্ত্ৰী পীযুষ হাজৰীকাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা  পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে মন্ত্ৰী হাজৰীকাই আনুষ্ঠানিকভাৱে অভয়াৰণ্যখন পৰ্যটকৰ বাবে মুকলি কৰে। মন্ত্ৰী পীযুষ হাজৰীকাই বক্তব্য প্ৰদান কৰি কয় যে স্থানীয় বাসিন্দাসকলে নিজে গঢ়ি তোলাৰ বিশেষত্বৰে মহীয়ান অভয়াৰণ্যখনে ৰাজ্যখনৰ লগতে বাহিৰৰো বিভিন্ন পৰ্যটকক আকৰ্ষিত কৰি আহিছে। আনহাতে স্থানীয় বিধায়ক হিচাপে মন্ত্ৰীগৰাকীয়ে অভয়াৰণ্যখনলৈ যাতায়াত কৰা ৰাস্তাৰ উন্নয়নৰ বাবে প্ৰয়াস কৰি আহিছে বুলি উল্লেখ কৰে। গুৱাহাটীৰ নাৰেঙ্গীৰ পৰা ভকতগাঁও পৰ্যন্ত ৰাস্তাটো ৰাজ্য চৰকাৰৰ ‘অসম মালা’ আঁচনিৰ অধীনত নিৰ্মিত প্ৰথমটো ৰাস্তা আছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিধায়ক হৈয়েই তেঁও নিজৰ সমষ্টিৰ ৰাস্তা-পদূলি উন্নয়নৰ বাবে গুৰুত্ব দিছিল। ৰাস্তাৰ উন্নয়নৰ দিশেৰে জাগীৰোড ৰাজ্যখনৰ উন্নত ১০টা সমষ্টিৰ ভিতৰত পৰে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে পবিতৰা অভয়াৰণ্যখন থকা বৃহত্তৰ মায়ং অঞ্চলৰ ৰাইজেও অভয়াৰণ্যখন ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকসকলক সহযোগিতা আগবঢ়াই আহিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অভয়াৰণ্যখনে স্থানীয় বাসিন্দাসকলকো আৰ্থিক দিশত যথেষ্টখিনি সকাহ প্ৰদান কৰি আহিছে। আনহাতে ভৱিষ্যতে পবিতৰা অভয়াৰণ্যৰ উন্নয়নৰ বাবে স্থানীয় ৰাইজ আৰু বিভাগীয় কৰ্তৃপক্ষৰ দিহা পৰামৰ্শত আন প্ৰয়োজনীয় কামবোৰো পৰ্যায়ক্ৰমে কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্ত্ৰী পীযুষ হাজৰীকাক তেওঁৰ কামৰ বাবে প্ৰশংসা কৰে । অনুষ্ঠানত মায়ং অঞ্চলৰ পৰম্পৰাগত ৰজা তৰণীকান্ত সিংহ, বন বিভাগৰ উচ্চপদস্থ বিষয়া, মৰিগাঁৱৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা আন বিষয়াসকল উপস্থিত আছিল

You might also like