নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান : এজনক জে’ললৈ

নিয়মীয়া বার্তা, ১ এপ্রিল : অসমৰ বাহিৰৰ পৰা চিকিৎসকৰ ভুৱা ডিগ্রী লৈ হোজাইত চিকিৎসা চলাই থকাৰ অভিযোগত হোজাই আৰক্ষীয়ে তিনিজন চিকিৎসকৰ বিপক্ষে অভিযান চলাই এজন ভুৱা চিকিৎসকক আজি গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰে৷ হোজাই আৰক্ষীয়ে এখন এজাহাৰৰ ভিত্তিত জিলাখনৰ নীলবাগানৰ মেঠীগাঁৱৰ আব্দুছ চুবুৰৰ পুত্র চাইফুল ইছলাম, তেংৰীপাৰৰ ইজৰাইল আলীৰ পুত্র চেলিমুদ্দিন আৰু বৰপেটা জিলাৰ বাঘবৰ চিলেট গাঁৱৰ চিৰাজুল হকৰ পুত্র মহীবুল হকক চিকিৎসা বিজ্ঞানৰ ডিগ্রীৰ প্রমাণ–পত্র দাখিল কৰিবলৈ নির্দেশ দিছিল৷ সেই নির্দেশমর্মে চাইফুল ইছলামে তেওঁৰ বিডিএছৰ প্রমাণ-পত্র আৰক্ষীক জমা দিয়ে আৰু আৰক্ষীয়ে প্রমাণ-পত্রখন প্রদান কৰা কর্তৃপক্ষৰ লগত যোগাযোগ কৰি সত্য প্রমাণিত হোৱাত তেওঁক যাবলৈ দিয়ে৷ ইফালে, চেলিমুদ্দিনেও এখন বি ডি এ এছৰ প্রমাণ–পত্র আৰক্ষীক প্রদান কৰে৷ আৰক্ষীয়ে সেই প্রমাণ-পত্রখনো পৰীক্ষাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষলৈ প্রেৰণ কৰে৷ প্রমাণ–পত্রখন ভুৱা বুলি যদি প্রমাণিত হয় তেন্তে তেওঁক গ্রেপ্তাৰ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ ইফালে, বাঘবৰৰ মহীবুল হকে চিকিৎসক হোৱাৰ কোনো প্রমাণ আৰক্ষীক প্রদান কৰিব নোৱাৰিলে৷ সেয়ে তেওঁক ভাৰতীয় দণ্ডবিধিৰ ৪১৯/৪৬৮/৪৭১/৩৪নং ধাৰাত হোজাই আৰক্ষী নিৱেশৰ ৮৮/২৪নং গোচৰত গ্রেপ্তাৰ কৰি আজি হোজাই জিলা সদৰ শংকৰদেৱ নগৰৰ ন্যায়িক আদালতত হাজিৰ কৰে৷ আদালতে তেওঁক জে’ললৈ প্রেৰণ কৰে৷ উল্লেখ্য যে তেওঁলোকে উত্তৰ প্রদেশৰ পৰা দন্ত চিকিৎসকৰ ডিগ্রী লৈ নিজকে দন্ত চিকিৎসক বুলি পৰিচয় দি নীলবাগান, লংকা, লামডিং আদি ঠাইত চেম্বাৰ খুলি চিকিৎসকৰ পেড ছপাই দীর্ঘদিন ধৰি চিকিৎসা চলাই আছিল৷ হোজাইৰ চিকিৎসক ডাঃ এ কে গুপ্তাৰ এজাহৰৰ ভিত্তিত আৰক্ষীয়ে আজি এই চিকিৎসকসকলৰ বিপক্ষে অভিযান চলাই এজনক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰে৷

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like