নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ হাজাৰ কোটিৰ প্রতিৰক্ষা সামগ্রী ৰপ্তানি ভাৰতৰ

🔹 অস্ত্রৰ বজাৰত স্বাধীনতাৰ পিছত নজিৰ : প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ ঘোষণা

বিশেষ বাৰ্তা, ১ এপ্রিল : দীর্ঘদিন ধৰি অস্ত্র ৰপ্তানিৰ ক্ষেত্রত পশ্চিমীয়া দেশসমূহে গুৰুত্বপূর্ণ স্থান দখল কৰি আহিছে৷ এইবাৰ ভাৰতেও অস্ত্র ৰপ্তানিৰ ক্ষেত্রত নিজৰ অস্তিত্বৰ কথা জনাই দিলে৷ প্রথমবাৰলৈ বিশ্বৰ বজাৰত ২১,০০০ কোটি টকাৰ অধিক অস্ত্র ৰপ্তানি কৰিছে ভাৰতে৷ এই ক্ষেত্রত ভাৰতৰ বাবে এক নতুন নজিৰ৷ আজি ছ’চিয়েল মিডিয়াত এই তথ্য প্রকাশ কৰিছে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ আত্মনির্ভৰ ভাৰতৰ লক্ষ্যত এই সাফল্যৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রশংসাও কৰিছে ৰাজনাথ সিঙে৷ এক্স হেণ্ডেলত দেশৰ সাফল্যৰ এই তথ্য পোহৰলৈ আনে প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷ ৰাজনাথ সিঙে নিজৰ পোষ্টত লিখে যে দেশৰ যুদ্ধাস্ত্র আৰু প্রতিৰক্ষা সামগ্রী ৰপ্তানিত অভূতপূর্ব সাফল্য পোৱা গৈছে৷ চলিত বিত্তীয় বর্ষত ২১,০০০ কোটি টকাৰ প্রতিৰক্ষা সামগ্রী ভাৰতে ৰপ্তানি কৰা বুলি ঘোষণা কৰে মন্ত্রীগৰাকীয়ে৷ স্বাধীন ভাৰতৰ ইতিহাসত এয়া এক নজিৰ বুলিও প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে দাবী কৰে৷ লক্ষণীয়ভাৱে ২০২২–২৩ বিত্তীয় বর্ষৰ তুলনাত চলিত বিত্তীয় বর্ষত প্রতিৰক্ষা সামগ্রী ৰপ্তানি ভাৰতৰ বৃদ্ধি পাইছে ৩২.৫ শতাংশ৷ টকাৰ হিচাপত সেয়া ২১,০৮৩ কোটি৷ প্রতিৰক্ষাৰ ক্ষেত্রত এই সাফল্যৰ বাবে মোদীক ধন্যবাদ জনাই ৰাজনাথ সিঙে কয় যে প্রধানমন্ত্রী মোদীৰ দূৰদর্শিতা আৰু নেতৃত্বৰ বাবেই দেশে এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ লগতে এই সাফল্য লাভৰ অন্তৰালত যিসকলৰ অপৰিসীম সহযোগিতা আছে, তেওঁলোককো অভিনন্দন জ্ঞাপন কৰে ৰাজনাথ সিঙে৷

You might also like