নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় ঘাইপথত শিলচৰ অভিমুখী বিস্কুটৰ ট্রাক হাইজেক; বইটামাৰীত হাত–ভৰি বান্ধি পেলাই থৈ গ’ল চালক–হেণ্ডিমেনক

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ দেওবাৰে পুৱা বঙাইগাঁও জিলাৰ বইটামাৰীৰ খগৰপুৰ পাহাৰত হাত–ভৰি বন্ধা অৱস্থাত বহিঃৰাজ্যৰ দুজন ট্ৰাক চালক আৰু কর্মচাৰী (হেণ্ডিমেন)ক উদ্ধাৰ কৰা হয়৷ এই ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে৷ প্রাতঃভ্রমণলৈ অহা আৰু দৌৰিবলৈ যোৱা একাংশ যুৱকে খগৰপুৰ পাহাৰৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত আৰু পাহাৰখনৰ হাবিয়নিত হাত–ভৰি বন্ধা অৱস্থাত দুজন লোকক প্রত্যক্ষ কৰি বইটামাৰী আৰক্ষী চকীত খবৰ দিয়ে৷ লগে লগে বইটামাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মুমূর্ষু অৱস্থাত থকা লোক দুজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভর্তি কৰায়৷

পিছত অঞ্চলটো উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তর্গত হোৱা বাবে উত্তৰ শালমাৰা আৰক্ষীয়ে লোক দুজনক জিম্মাত লৈ ঘটনাৰ তদন্ত আৰমম্ভ কৰে৷ সর্বশৰীৰত আঘাতৰ চিন থকা লোক দুগৰাকীয়ে পেছাত ড্রাক চালক আৰু হেণ্ডিমেন বুলি আৰক্ষীক জানিবলৈ দিয়ে৷ ইয়াৰে ড্রাক চালক প্রবীণ কুমাৰ (২৫) উত্তৰপ্রদেশৰ বাৰাণসীৰ আৰু হেণ্ডিমেন ৰাজু মিশ্র (৪৫) ঝাৰখণ্ড ৰাঁচীৰ৷ এই চালক আৰু হেণ্ডিমেন দুজনে জে এইচ–১০ বি এক্স– ৮৯১৬ নম্বৰৰ এখন বিস্কুটভর্তি ড্রাক লৈ বহিঃৰাজ্যৰ পৰা শিলচৰ অভিমুখে আহি আছিল৷

শ্রীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীৰে অসমত ট্ৰাকখন প্রৱেশ কৰাৰ পিছত বেলতলা–যোৰাবাট পথত নিশা ১১.৩০ মান বজাত এটা দুর্বৃত্তৰ দলে ট্ৰাকখনৰ চালক–হেণ্ডিমেনক ভয়–ভাবুকিৰে এখন চাৰিচকীয়া বাহনত উঠাই লয় আৰু উক্ত ট্ৰাককখন লৈ যায়৷ পিছত গাডী চুৰি চক্রৰ দলটোৱে চাৰিচকীয়া বাহনখনেৰে গুৱাহাটীৰ পৰা ধুবুৰীৰ দিশে আহি চালক আৰু হেণ্ডিমেনজনক খগৰপুৰ পাহাৰৰ এই নির্জন হাবিতলীয়া ঠাইখিনিত গছৰ লতা আৰু কাপোৰেৰে হাত–ভৰি বান্ধি থৈ যায়৷ ইতিমধ্যে আৰক্ষীয়ে কেইবাঠাইতো আঘাতৰ চিন থকা লোক দুজনক চিকিৎসাৰ ব্যৱস্থা কৰি ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে৷ এই ঘটনাই বর্তমানেও ৰাষ্ট্রীয় ঘাইপথত গাডী চুৰি চক্র সক্রিয় থকাৰ কথাই প্রতীয়মান কৰিছে৷

You might also like