নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ ডিচেম্বৰৰ পৰা ৰূপসী বিমানবন্দৰৰ পৰা বিমান চলাচলৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ সুখবৰ! নামনি অসমৰ ঐতিহ্যমণ্ডিত ৰূপসী বিমানবন্দৰৰ পৰা অহা ২০ ডিচেম্বৰৰ পৰা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে যাত্ৰীবাহী বিমান সেৱা। উল্লেখ্য যে, উড়ান ২ আঁচনিৰ অধীনত প্ৰথম পৰ্য্যায়ত ৪০ কোটি টাকা আৰু দ্বিতীয় পৰ্য্যায়ত কেন্দ্রীয় চৰকাৰে মোকোলাই দিয়া ৬৯ কোটি টকাৰে নতুনকৈ নিৰ্মাণ কৰা হৈছিল ধুবুৰী জিলা সংলগ্ন তথা বৰ্তমানে বিটিচিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত ৰূপসী বিমানবন্দৰটো।ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰনৰ সৈতে হোৱা  এক চুক্তিমৰ্মে ২০২১ বৰ্ষৰ ৮ মে’ৰ পৰা যাত্ৰীবাহী বিমান সেৱা আৰম্ভ কৰিছিল “ফ্লাই বিগ” নামৰ বিমান পৰিবহন সন্থা এটাই।  প্ৰথমাৱস্থাত পৰিবহন সন্থাটোৱে  ৭২ আসনৰ এটিআৰ–চেভেন্টি টু বিমানেৰে সপ্তাহত তিনি দিন চলাইছিল  ৰূপসী হৈ গুৱাহাটীৰ পৰা ক’লকাতা আৰু ক’লকাতাৰ পৰা ৰূপসী হৈ গুৱাহাটীলৈ  যাত্ৰী পৰিসেৱা। পিছলৈ গৈ যাত্ৰীৰ আশাব্যঞ্জক সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি ২০২২ বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা পূৰ্বৰ তিনি দিনৰ ঠাইত সপ্তাহত ৬ দিন ৰূপসী হৈ যাত্ৰীবাহী বিমান চলোৱাৰ সিদ্ধান্ত লৈছিল। কিন্তু অকষ্মাতে বিগত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰনৰ সৈতে হোৱা  এক চুক্তিমৰ্মে ২০২১ বৰ্ষৰ ৮ মে’ৰ পৰা যাত্ৰীবাহী বিমান সেৱা আৰম্ভ কৰিছিল “ফ্লাই বিগ” নামৰ বিমান পৰিবহন সন্থা এটাই।  প্ৰথমাৱস্থাত পৰিবহন সন্থাটোৱে  ৭২ আসনৰ এটিআৰ–চেভেন্টি টু বিমানেৰে সপ্তাহত তিনি দিন চলাইছিল ৰূপসী হৈ গুৱাহাটীৰ পৰা ক’লকাতা আৰু ক’লকাতাৰ পৰা ৰূপসী হৈ গুৱাহাটীলৈ  যাত্ৰী পৰিসেৱা। পিছলৈ গৈ যাত্ৰীৰ আশাব্যঞ্জক সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি ২০২২ বৰ্ষৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা পূৰ্বৰ তিনি দিনৰ ঠাইত সপ্তাহত ৬ দিন ৰূপসী হৈ যাত্ৰীবাহী বিমান চলোৱাৰ সিদ্ধান্ত লৈছিল। কিন্তু অকষ্মাতে বিগত ৭ নবেম্বৰৰ পৰা ৰূপসীৰ পৰা বন্ধ হৈ পৰিছিল ফ্লাই বিগৰ বিমান পৰিসেৱা। স্বাভাবিক ভাবেই আৰম্ভ হৈছিল ৰূপসীৰ পৰা পুনৰ বিমান চলিব নে নাই সেয়া লৈও গুণা-গঁথা। কিন্তু সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অহা ২০ ডিচেম্বৰৰ পৰা ৰূপসীৰ পৰা অহা-যোৱা কৰিবলগীয়া বিমান যাত্ৰীৰ টিকট ফ্লাই বিগে অ’নলাইন যোগে বিক্ৰী কৰা আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত অহা ২০ ডিচেম্বৰৰ পৰা পুনৰ বিমানবন্দৰটোৰ পৰা বিমান চলাচল কৰিব বুলিয়েই আশা কৰা হৈছে। উল্লেখ্য যে, অহা বছৰৰ ফেব্ৰুৱাৰী অথবা মাৰ্চৰ পৰা ৰূপসীৰ পৰা শিলচৰ লৈও বিমান চলাচল আৰম্ভ হোৱাৰ সম্ভাৱনা থকা বুলিও জানিব পৰা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like