নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত হেৰোইনসহ মাফিয়া গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ : বিলাসীপাৰা আৰক্ষীয়ে আজি এক অভিযান চলাই বৃহৎ পৰিমানৰ হেৰোইনসহ এজন মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্রে জানিব পৰা মতে, আজি সন্ধিয়া এক গোপন সুত্ৰৰ পম খেদি ড্ৰাগছৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষী আৰু চিআৰপিএফে যৌথভাবে অভিযান চলায়। অভিযানকাৰীয়ে হাজাৰিপাৰাত চলোৱা অভিযানত জব্দ কৰে ৩৫ গ্ৰাম নিষিদ্ধ হেৰোইন। গ্ৰেপ্তাৰ কৰে ড্ৰাগছ মাফিয়া ৰাকিবুল ইছলামক(২৮)। ধৃত ৰাকিবুলৰ ঘৰ বিলাসীপাৰাৰ হাজাৰিপাৰা গাঁৱত বুলি জানিৱ পৰা গৈছে। ড্ৰাগছ মাফিয়া ৰাকিবুলক আৰক্ষীয়ে নিষিদ্ধ হেৰোইনৰ লগতে কেইবাটাও কন্টেইনাৰ, মোবাইল ফোন দুটা আৰু AS- 01 E W3811 স্কুটি জব্দ কৰে। উল্লেখ্য যে দীৰ্ঘ দিনৰ পৰাই ৰাকিবুল ইছলামে নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু চিআৰপিএফে। বিলাসীপাৰা আৰক্ষীয়ে ড্ৰাগছ মাফিয়া ৰাকিবুল ইছলামৰ পৰা অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like