নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ ঐতিহাসিক হাতীগড়ৰ ওপৰত বেদখলৰ বিৰুদ্ধে আটাছুৰ প্ৰতিবাদী কাৰ্য্যসূচী

বিশেষ বাৰ্তা, ২৬ নৱেম্বৰঃ ৰাজ্যখনৰ ঐতিহাসিক কীৰ্তিচিহ্ন সমূহৰ ওপৰত একাংশলোকে চলোৱা বেদখল কোনো নতুন কথা নহয়। ইতিহাস বিজড়িত কীৰ্তি চিহ্ন সমূহত একাংশ লোকে বেদখল চলাই তাৰ অস্তিত্ব নাইকিয়া কৰি পেলোৱাৰো উপক্ৰম হৈছে। মৰিয়নিৰ মাজেৰে পাৰ হৈ যোৱা ঐতিহাসিক হাতীগড়ৰ ওপৰত চলা বেদখলৰ সম্পৰ্কত বিভিন্ন সময়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে। শেহতীয়াকৈ কাঠকটীয়া অঞ্চলত এক ব্যৱসায়িক প্ৰতিষ্ঠানে এই হাতীগড়ৰ ওপৰত বেদখল চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ যোৰহাট জিলা সমিতিয়ে যোৱা ৩০ চেপ্টেম্বৰত যোৰহাট জিলাৰ উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰি বেদখক উচ্ছেদৰ দাবী জনাইছিল যদিও প্ৰশাসনে কোনো গুৰুত্ব নিদিলে। তাৰ প্ৰত্যুত্তৰত আজি আটাছুৰ যোৰহাট জিলা সমিতিয়ে কাঠকটীয়া অঞ্চলত ইষ্টাৰ্ণ ৰ’লাৰ ফ্ল’ৰ মিলৰ সন্মুখত পথ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে যোৰহাট মৰিয়নি পথ অৱৰোধ কৰাৰ বাবে উদ্যত হয় যদিও প্ৰতিবাদথলীত উপস্থিত প্ৰশাসনীয় আৰু আৰক্ষী বিষয়াৰ অনুৰোধমৰ্মে পথ অৱৰোধ কাৰ্য্যসূচী স্থগিত ৰাখি তাৰ পৰিৱৰ্তে ইষ্টাৰ্ণ ৰ’লাৰ ফ্ল’ৰ মিলৰ সন্মুখত এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । দিনৰ ১১ বজাৰ পৰা ১২ বজালৈ আটাছুৰ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে মৰিয়নি, নকছাৰি, চেলেংহাট, বাহনী আদি কেইবাখনো আঞ্চলিক সমিতিৰ শতাধিক কর্মকর্তাই এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে । প্ৰতিবাদ কাৰীসকলে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদস্থলীত মৰিয়নি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অসীম বৰগোঁ‌হাই, মৰিয়নি আৰক্ষী চক্ৰৰ চক্ৰ পৰিদৰ্শক দণ্ডীৰাম বৰা, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, চিনামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গংগা ফুকন আদি উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰে । এই সন্দৰ্ভত আটাছুৰ যোৰহাট জিলা সমিতিৰ সম্পাদক মন্টু ফুকনে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত হাতী ধৰিবলৈ নিৰ্মাণ কৰা ঐতিহাসিক হাতীগড়ৰ অস্তিস্ত্ব আজি বিপন্ন হৈ পৰিছে। ঐতিহাসিক কীৰ্তিচিহ্নটো সংৰক্ষণৰ সন্দৰ্ভত আটাছুৱে দাবী জনাই অহাৰ সময়তে একাংশলোকে তাৰ ওপৰত বেদখল চলাই আহিছে। চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ সুবিধা লৈ মৰিয়নি ৰাজহ চক্ৰৰ অন্তৰ্গত কাঠকটীয়া অঞ্চলত বেদখল চলাই ঐতিহাসিক গড়টো খান্দি কীৰ্তিচিহ্নটো ধ্বংস কৰাৰ সাহস পাইছে। আটাছুৱে আজি ইয়াৰ প্ৰতিবাদ জনোৱাৰ লগতে বেদখল উচ্ছেদ কৰি কীৰ্তিচিহ্নটো সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী জনাইছে। আনহাতে, আটাছুৰ যোৰহাট জিলা সমিতিয়ে ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে আজি জিলা উপায়ুক্তলৈ আন এক স্মাৰক পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰেই বেদখল উচ্ছেদৰ দাবী জনাইছে। লগতে কীৰ্তিচিহ্নটো সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈও স্মাৰক পত্ৰত দাবী জনাইছে। ইয়াৰ বাবে প্ৰশাসনক এসপ্তাহৰ সময়সীমা বান্ধি দিয়া হৈছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like