নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ সকলো ভাষালৈ অনুবাদ কৰা হ’ব ‘মহাবীৰ’ৰ বীৰগাথা : মুখ্যমন্ত্রী

বিশেষ বাৰ্তা, ২৫ নৱেম্বৰঃ অম্লান বীৰত্ব আৰু শৌর্য–বীর্যৰ প্রতীক লাচিত বৰফুকনৰ বীৰগাথা ভাৰতৰ সকলো ভাষাতে অনুবাদ কৰা হ’ব৷ সমান্তৰালকৈ বিশ্ববিদ্যালয়সমূহ বীৰজনাৰ বিষয়ে পঢ়ুওৱাৰ প্রয়াস কৰিব ৰাজ্য চৰকাৰে৷ এই ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ সামৰণী অনুষ্ঠানত দিয়া ভাষণত শক্তিশালী মোগল বাহিনীক পৰাস্ত কৰি বীৰত্বৰ উজ্জ্বল নিদর্শন দাঙি ধৰা আহোম সেনাপতিগৰাকীৰ জীৱনৰ আলোকপাত কৰে ড০ শর্মাই৷ তেওঁ কয় যে শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে কেৱল মোগলক প্রতিহত কৰাই নহয়, সমগ্র উত্তৰ–পূর্বাঞ্চলৰ সভ্যতা ৰক্ষা কৰিছিল৷ সেই কাৰণে অসমবাসীয়ে তেওঁক শ্রদ্ধাৰে স্মৰণ কৰে৷ লাচিত বৰফুকনৰ নাম ভাৰতবর্ষৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব৷ লাচিত বৰফুকন কেৱল অসমৰে বীৰ নহয়, সমগ্র দেশৰ বীৰযোদ্ধা আছিল৷ তেওঁ আছিল সর্বশ্রেষ্ঠ অসমীয়া বীৰ৷ আমি প্রয়াস কৰিছিলোঁ তেওঁৰ গৌৰৱগাথাক দেশবাসীৰ সন্মুখলৈ অনাৰ৷ কিন্তু অকল চৰকাৰৰ প্রয়াসেই এইক্ষেত্রত যথেষ্ট নহয়৷ জনসাধাৰণৰো প্রয়াসৰ প্রয়োজন৷ লাচিতৰ দৰে ইতিহাসত উপেক্ষিত নায়কসকলক দেশবাসীৰ মাজত তুলি ধৰিবলৈ ইতিহাসৰ ছাত্র, অধ্যাপকসকলক আগবাঢ়ি আহিবলৈ তেওঁ আজি আহ্বান জনায়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ভাৰতৰ ইতিহাস মানে কেৱল হুমায়ুন, বাবৰ, জাহাংগীৰ, ঔৰংগজেবেই নহয় ছত্রপতি শিৱাজী মহাৰাজ, দুর্গাদাস, গুৰুগোবিন্দ সিং, লাচিত বৰফুকন আদিও৷ এইসকল বীৰক নতুন দৃষ্টিৰে চোৱাৰ প্রয়াস কৰিব লাগে৷ লাচিত বৰফুকনৰ অৱদান কেৱল অসমৰ বাবেই নহয় সমগ্র দেশৰ বাবেই অতুলনীয়৷ ভাষণ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই মহাবীৰজনাৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ সামৰণী অনুষ্ঠানত উপস্থিত থকা প্রধানমন্ত্রী মোদীক অসমবাসীৰ হৈ ধন্যবাদ জনায়৷ ভাৰতক বিশ্বগুৰু ৰূপে গঢ়ি তুলিবলৈ প্রধানমন্ত্রী মোদীয়ে কৰি অহা নিৰৱিচ্ছিন্ন প্রচেষ্টাক প্রশংসাৰে ওপচাই মুখ্যমন্ত্রীয়ে কয় যে চর্দাৰ বল্লভভাই পেটেলে দেশক ভৌগোলিকভাৱে একত্রিত কৰিছিল আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এতিয়া দেশৰ আত্মাক সংযোগ কৰাৰ হকে কাম কৰিছে৷ ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণৰ প্রতি অবিৰত আৰু নিৰন্তৰ সেৱা প্রদানৰ দিশত অকুণ্ঠ সহায়–সহযোগিতা আগবঢ়াই অহাৰ বাবে প্রধানমন্ত্রী মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে৷ এই প্রসংগত তেওঁ পুনৰ কয় যে প্রধানমন্ত্রীৰ উপস্থিতিয়ে ছত্রপতি শিৱাজীৰ দৰে সমগ্র দেশতে লাচিত বৰফুকনক এক সর্বজনবিদিত নামলৈ ৰূপান্তৰিত কৰাত অত্যন্ত সহায়ক হ’ব৷ বহুসংখ্যক লোক মহান সেনাপতিগৰাকীৰ বীৰত্বপূর্ণ গাথাৰ সৈতে পৰিচিত হোৱাৰ পৰিপ্রেক্ষিতত অনাগত দিনত ইতিহাসৰ আলোচনাসমূহত লাচিত বৰফুকনক তেওঁৰ উচিত স্থান প্রদান কৰা হ’ব৷ মধ্যযুগৰ এই মহান যোদ্ধাগৰাকীৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদ্যাপন বর্তমানৰ প্রজন্মৰ বুদ্ধিজীৱী আৰু ইতিহাসবিদসকলৰ দৃষ্টি আকর্ষণ কৰাৰ ক্ষেত্রত এক উল্লেখযোগ্য পদক্ষেপ হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে৷ লাচিত বৰফুকনৰ জন্মজয়ন্তী বছৰজোৰা কার্যসূচীৰে অনুষ্ঠিত কৰাৰ ক্ষেত্রত আগবঢ়োৱা সহায়–সহযোগিতাৰ বাবে তেওঁ অসমবাসীক কৃতজ্ঞতা জনায়৷ মুখ্যমন্ত্রীয়ে প্রকাশ কৰা মতে, আজি প্রধানমন্ত্রীৰ ভাষণ শুনিবলৈ অসমৰ প্রতিখন জিলা আৰু গাঁৱৰ লোক একত্রিত হৈছে৷ তদুপৰি ৰাজ্য চৰকাৰে জনোৱা আহ্বানলৈ সঁহাৰি দি ৪০ লাখ লোকে পর্টেলত লাচিত বৰফুকনৰ বিষয়ত লিখা লেখা আপলোড কৰিছে৷ ইফালে, অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে লাচিত বৰফুকনক আত্মনির্ভৰতাৰ প্রতীক ৰূপে অভিহিত কৰি কয়– আজিৰ দিনটো আমাৰ বাবে প্রেৰণাদায়ক৷ লাচিত বৰফুকন দেশৰ স্বাভিমান আৰু সাহসৰ প্রতীক৷ মাতৃভূমিক ৰক্ষা কৰিবলৈ মোগলৰ বিৰুদ্ধে বীৰত্বৰে যুঁজি তেওঁ জয়ী হৈছিল৷ মোগলৰ বিৰুদ্ধে যুঁজা যুদ্ধত থলুৱাভাৱে নির্মিত অস্ত্র–শস্ত্র আৰু সা–সামগ্রী ব্যৱহাৰ কৰিছিল তেওঁ৷ বাস্তৱত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘আত্মনির্ভৰ ভাৰত’ৰ শ্লোগান লাচিতৰ সময়তেই প্রতিফলিত হৈছিল৷ লাচিত আমাৰ মনত আৰু ইতিহাসত সদায় অমৰ হৈ ৰ’ব৷ শৰাইঘাটৰ যুদ্ধৰ ৰণকৌশলৰ অন্যতম কাণ্ডাৰী তেতিয়াৰ আহোম সাম্রাজ্যৰ প্রধানমন্ত্রী আতন বুঢ়াগোহাঁইকো তেওঁ শ্রদ্ধাৰে স্মৰণ কৰে৷ লগতে লাচিতৰ বিষয়ে দেশবাসীক জনাবলৈ লোৱা পদক্ষেপৰ বাবে কেন্দ্রীয় মন্ত্রীজনে মুখ্যমন্ত্রী ড০ শর্মা আৰু ৰাজ্য চৰকাৰক উচ্চ প্রশংসা কৰে৷ উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভণিতে আদৰণী ভাষণ প্রদান কৰে ৰাজ্যৰ তথ্য আৰু জনসংযোগ মন্ত্রী পীয়ূষ হাজৰিকাই৷ তেওঁ কয় যে আক্রমণকাৰী মোগলক পৰাজিত কৰি দেশৰ ইতিহাসত লাচিতে এক নতুন অধ্যায়ৰ সূচনা কৰিছিল৷ ছত্রপতি শিৱাজীৰ বীৰগাথা সমগ্র দেশতে প্রসিদ্ধ৷ কিন্তু ইয়াৰ বিপৰীতে লাচিতৰ বীৰগাথা ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী পর্যায়ত প্রায় উপেক্ষিত৷ মহাবীৰজনাৰ বীৰগাথাৰ প্রচাৰ আৰু প্রসাৰৰ বাবেই ৰাজ্য চৰকাৰে এই প্রয়াস গ্রহণ কৰিছে৷ লাচিতৰ গৌৰৱময় গাথাই দেশবাসীক প্রেৰণা যোগাব৷ ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ নির্মাণৰ ক্ষেত্রত সমগ্র ভাৰতবাসীক উদ্বুদ্ধ কৰিব লাচিতৰ আদর্শই৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে চলিত বর্ষৰ ২৫ ফেব্রুৱাৰীত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া বর্ষজোৰা জন্মজয়ন্তীৰ শুভাৰম্ভ কৰিছিল তদানীন্তন ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে৷ নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত এই কার্যসূচীৰ সামৰণি পৰে৷

You might also like