নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ বৰমাবিলত জৰাজীৰ্ণ পথত কঠীয়া ৰোপণ প্ৰতিবাদী লোকৰ

নিয়মীয়া বাৰ্তা, ২৭ আগষ্ট : নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত বৰমাবিল অঞ্চলৰ ১নং ৱাৰ্ডৰ পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ অৱস্থাত আছে৷ যাৰবাবে ৰাইজে জলাকলা খাব লগাত পৰিছে৷ উক্ত পথটোত দ দ গাত হোৱাৰ ফলত বহু লোক দুৰ্ঘটনাত পতিত হৈছে৷ চামগুৰি সমষ্টিৰ অন্তৰ্গত বৰমাবিল অঞ্চলৰ উক্ত পথটো মেৰামতি বা পুনৰ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে বহুবাৰ চামগুৰি সমষ্টিৰ বিধায়কগৰাকীক আবেদন কৰিছিল যদিও পথটো নিৰ্মাণ নকৰিলে বুলি অভিযোগ উঠিছে৷ যাৰ বাবে স্থানীয় ৰাইজে উক্ত জৰাজীৰ্ণ পথটোক লৈ জলাকলা খাবলগাত পৰিছে৷ জৰাজীৰ্ণ উক্ত পথটোত আজি চামগুৰি সমষ্টিৰ অন্তৰ্গত বৰমাবিল অঞ্চলৰ ১নং ৱাৰ্ডৰ একাংশ ৰাইজে পথৰ ওপৰত কঠিয়া ৰোপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চাইকেল, মটৰচাইকেল অথবা ই-ৰিক্সাৰ জৰিয়তে বিধ্বস্ত হোৱা পথটোদি যাতায়ত কৰোতে নিতৌ স্থানীয় একাংশ লোক পতিত হয় সৰু-বৰ দূৰ্ঘটনাত।বিগত সময়ত চামগুৰি সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনে উক্ত গাওঁখনৰ লোক সকলক প্ৰতাৰণা কৰি আহিছিল বুলি অভিযোগ উঠিছে৷ প্ৰাক্তন বিধায়কগৰাকীয়ে প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে পথছোৱা নিৰ্মাণ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিল যদিও সেইয়া ফুটুকাৰ ফেনত পৰিনত হৈছে বুলি অভিযোগ উঠিছে৷ যাৰ বাবে ক্ষুদ্ধ একাংশ গাঁও বাসীয়ে পথৰ ওপৰত কঠিয়া ৰোপন কৰি প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। লগতে চামগুৰিত হব লগা উপ-নিৰ্বাচনত কংগ্ৰেছ দলৰ তথা প্ৰাক্তন বিধায়কগৰাকীৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীক উচিত প্ৰত্যুত্তৰ দিব বুলি ক্ষুদ্ধ প্ৰতিবাদকাৰী ৰাইজে হুংকাৰ প্ৰদান কৰে সংবাদ মাধ্যমৰ সন্মুখত।

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like