নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গছত চাংঘৰ সাজি কোৱাৰেণ্টাইন যুৱকৰ

নিয়মীয়া বাৰ্তা, ৫ জুনঃ  কোৱাৰেণ্টাইন চেণ্টাৰত থাকি অসভ্যালি কৰা শিক্ষিত লোকসকলক লজ্জানত কৰিছে ক’ৰোনাবিৰোধী যুঁজত অত্যন্ত পিছপৰা অঞ্চলৰ যুৱক এজনে৷ শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢ়েকীয়াজুলি সমষ্টিৰ অসম–ৰুণাচল সীমান্তৱর্তী দুর্গম অঞ্চল ২ নং অনচাইপুৰ নামৰ সোণাই–ৰূপাই অভয়াৰণ্যৰ এখন বনগাঁৱত এখন চাঙত হোম কোৱাৰেণ্টাইন হৈ আছে আমুছ বসুমতাৰী নামৰ চেন্নাই ফেৰৎ যুৱকজন৷

       উল্লেখ্য যে এই যুৱকজন চেন্নাইৰ পৰা ২৩ মে’ত ৰে’লেৰে অহাৰ পিছত তেজপুৰ বিশ্ববিদ্যালয়ত ২৩ মে’ত এদিনৰ বাবে কোৱাৰেণ্টাইন কৰা হয়৷ ইয়াৰ পিছদিনাই যুৱকজনক ঢ়েকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৩ দিন ৰখাৰ পিছত যুৱকজনক হোম কোৱাৰেণ্টাইনৰ বাবে পঠিয়াই দিয়া হয়৷ কিন্তু নিজ গৃহত আছুতীয়া কোঠা নথকা বাবে ককায়েক উমেশ বসুমতাৰীয়ে ঘৰৰ পৰা ২০০ মিটাৰমান দূৰৈত চাঙঘৰ সাজি দিয়ে৷ বিগত চাৰি দিন চাংঘৰতে হোম কোৱাৰেণ্টাইন হৈ বাস কৰি আছে এইগৰাকী যুৱকে৷বাঁহেৰে সুন্দৰ আৰু মজবুতভাৱে বৰষুণ নপৰাকৈ প্লাষ্টিকৰ তিৰপালেৰে নির্মিত চাঙত কোৱাৰেণ্টাইন হৈ থকা যুৱকজনক ককায়েক–বৌৱেকে ভাত, দাইল, মাছ, মাংস, শাক– পাচলি ইত্যাদিত ব্যঞ্জন ৰান্ধি চাঙঘৰত থকা কাঁহী–বাতি, ডেক্সি, টিফিন বক্স ইত্যাদি দি দিয়ে৷ তাৰ পিছত চাংঘৰৰ পৰা নামি আহি যুৱকজনে সেই খাদ্যবস্তুখিনি বতৰ ভাল হ’লে তলত থকা চাঙিতে খায়, বতৰ বেয়া হ’লে চাংঘৰৰ ওপৰলৈ নি গৈ খায়৷

   এইক্ষেত্রত এবছুৰ হুগ্রাজুলী, খাওলা শাখা সমিতিৰ সদস্যসকলৰ লগতে গাঁৱৰ একাংশ সচেতন ব্যক্তিয়ে খাদ্যবস্তু দি সহায় কৰিছে যুৱকজনক৷ অসম–ৰুণাচল সীমান্তৱর্তী অতি পিছপৰা গাঁওখনত কেইবাজনো লোকে চৰকাৰী সকলো নীতি–নির্দেশনা মানি চলি হোম কোৱাৰেণ্টাইন হৈ আছে বুলি জনাইছে ৰাইজে৷এইক্ষেত্রত এবছুৰ লগতে স্থানীয় একাংশ সচেতন ৰাইজে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা পৰিলক্ষিত হৈছে৷বর্তমান কোৱাৰেণ্টাইন চেণ্টাৰত থাকি নীতি–নিয়ম ভংগকাৰী উদ্ভট আচৰণ কৰা লোকসকলৰ বিপৰীতে অসম–ৰুণাচল সীমান্তৱর্তী অত্যন্ত প্রত্যন্ত এখন গাঁৱৰ ৰাইজৰ লগতে আমুছ বসুমতাৰী নামৰ সচেতন যুৱকজনে দেখুৱাইছে অনুকৰণীয় আদর্শ৷

You might also like