নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুইন–সুৰভিক লৈ পাঠশালাৰ দোকানে দোকানে ৰঞ্জিত কুমাৰ দাস

নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ ৰাইজৰ দলৰ নেতা অখিল গগৈ শিৱসাগৰত জয়লাভ কৰাটো দূৰৈৰ কথা তেওঁ দ্বিতীয় স্থানো লাভ কৰিব নোৱাৰে৷ কেনেবাকৈ তৃতীয় স্থানত থাকিহে নিজৰ অস্তিত্ব প্রতিপন্ন কৰিব পাৰিব৷ এই মন্তব্য শিৱসাগৰৰ বিজেপি প্রার্থী সুৰভি ৰাজকুমাৰীৰ৷ আজি পাঠশালাত পাটাছাৰকুছি সমষ্টিৰ বিজেপি প্রার্থী ৰঞ্জিত কুমাৰ দাসৰ হকে প্রচাৰ চলাই সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰে বিজেপিৰ নেত্রীগৰাকীয়ে৷ আনহাতে সুৰভি ৰাজকুমাৰী শিৱসাগৰ সমষ্টিৰ বিধায়িকা হোৱাটো নিশ্চিত বুলি দাবী কৰে দাসে৷ উল্লেখ্য যে পাটাছাৰকুছি সমষ্টিৰ প্রতিটো চুকে–কোণে প্রতিদিনে ব্যাপক প্রচাৰ অব্যাহত ৰাখিছে মিত্রজোঁটৰ ৰঞ্জিত কুমাৰ দাসে৷

বৃহস্পতিবাৰে দুপৰীয়া পাঠশালা নগৰৰ দোকানে দোকানে খোজকাঢ়ি প্রতিগৰাকী ব্যক্তিৰ ওচৰলৈ গৈ ৰঞ্জিত কুমাৰ দাসে নির্বাচনী প্রচাৰ কৰে৷ এই প্রচাৰত তেওঁক সুৰভি ৰাজকুমাৰীৰ লগতে সংগ দিয়ে সাংসদ কুইন ওজা সমন্বিতে বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই৷ ৰঞ্জিত কুমাৰ দাসক কেইবাগৰাকীও পদ পথৰ দোকানীয়ে চাহেৰে আপ্যায়ন কৰে৷ আনকি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক বহু দোকানীয়ে গামোচাৰে সম্ভাষণ জনায়৷ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ স্বত্ত্বাধিকাৰ–কর্মচ্ তেওঁলোকৰ প্রতিষ্ঠানে প্রতিষ্ঠানে গৈ সাক্ষাৎ কৰাৰ পিছত সাংবাদিকৰ আগত ৰঞ্জিত কুমাৰ দাসে কয় যে যিহেতু ব্যৱসায়ীসকলে সভাত যাবলৈ সময় নাপায়, সেয়েহে নিজে আহি সেৱা জনাই ভোট ভিক্ষা কৰিছে৷ তেওঁ কয় যে সমষ্টটোৰ প্রতিটো অঞ্চল ভ্রমণ কৰি গম পাইছে যে এইবাৰ পাটাছাৰকুছিত প্রতিদ্বন্দ্বীহীন নির্বাচন হ’ব৷ কাৰণ সমষ্টিটোত এইবাৰ ৰঞ্জিত কুমাৰ দাসে বা ভাৰতীয় জনতা পার্টীয়ে নহয়, সমষ্টিবাসী ৰাইজেহে নির্বাচন খেলিছে আৰু সেয়া সমষ্টিবাসীৰ স্বতঃস্ফূর্ত সঁহাৰিয়ে প্রতীয়মান কৰিছে৷

ইপিনে কুইন ওজাই সাংবাদিক কয়, ‘পাটাছাৰকুছি সমষ্টিবাসী অতি গুণী–জ্ঞানী ৰাইজ৷ আজি এই গুণী–জ্ঞানী ৰাইজৰ মাজত ঘূৰি এটা কথাই গম পাইছোঁ যে তেওঁলোকে নিজৰ ভোটটো কোনোপধ্যেই নষ্ট হ’বলৈ নিদিয়ে৷ সেয়েহে এইবেলি ৰাজ্যত পুনৰ চৰকাৰ গঠন কৰিবলগীয়া বিজেপিৰ প্রার্থীগৰাকীকহে তেওঁলোকে ভোটদান কৰিব৷’ বিগত দিনত সমষ্টিটোত যিবোৰ হ’বলগীয়া উন্নয়ন হোৱা নাই, সেই উন্নয়নৰ স্বার্থত সমষ্টিবাসীক ৰঞ্জিত কুমাৰ দাসক বিপুল ভোটত জয়যুক্ত কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সপোনৰ ভাৰত নির্মাণৰ অংশ হ’বলৈ তেওঁ আহ্বান জনায়৷ কিমান সংখ্যক আসনত বিজেপি জয়লাভ কৰিব বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয়, ‘মই সংখ্যা আৰু অংক গন্তি নকৰোঁ, সংখ্যা হিচাপ কৰা আমাৰ অইন মানুহ আছে৷ মই খালী এটাই জানো যে বিজেপিয়ে এইবাৰো একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব৷’

You might also like