নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজয়ৰ সৈতে বিয়া হোৱাৰ পূৰ্বে ৪ দিনলৈ কাজলক দেউতাকে কিয় মাত-বোল কৰা নাছিল?

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ বলীউডৰ ‘সিংঘম’ অভিনেতা অজয় দেৱগন এনে এজন তাৰকা, যি কেৱল ৰূপালী পৰ্দাতে নহয় বাস্তৱ জীৱনতো অতি শান্ত প্ৰকৃতিৰ।  অজয় কেৱল পেছাদাৰী নহয়, ব্যক্তিগত জীৱনতো যথেষ্ট হিট।

অজয় আৰু কাজলৰ প্ৰেমকাহিনী যথেষ্ট ফিল্মী। এক সাক্ষাৎকাৰত কাজলে কয়- “আমি ইজনে সিজনক দীৰ্ঘ সময় ধৰি বুজি পাইছিলো। বহু সময়ত আমি নিশাৰ আহাৰ একেলগে গ্ৰহণ কৰিছিলো আৰু একেলগে সময় অতিবাহিত কৰিছিলো।

চাৰি বছৰ আমাৰ প্ৰেমৰ সম্পৰ্কৰ পিছত, আমি বিয়া কৰাৰ সিদ্ধান্ত লৈছিলো। অজয়ৰ পৰিয়ালে বিয়াৰ বাবে সাজু আছিল, কিন্তু মোৰ দেউতাই আমাৰ বিয়াৰ বিষয়ে শুনাৰ পাছত চাৰি দিন ধৰি মোৰ সৈতে কথা পতা নাছিল। কিয়নো তেওঁ বিচাৰিছিল যে মই প্ৰথমে মোৰ কেৰিয়াৰৰ ওপৰত মনোনিবেশ কৰোঁ, কিন্তু মই বিয়া কৰাৰ সিদ্ধান্ত লৈছিলো।” 

You might also like