নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত ত্যাগ আন্দোলনৰ বজালীৰ শ্বহীদ মদন বৰ্মন-ৰাউতাৰাম কোচৰ মৃত্যু দিন পালন

নিয়মীয়া বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ সেয়া আছিল ১৯৪২ চনৰ ২৫ ছেপ্টেম্বৰ৷ দেশত ভাৰত ত্যাগ আন্দোলনৰ দাবানল৷ অসমতো প্ৰান্তে প্ৰান্তে জ্বলিছিল ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ৷ আন্দোলনৰ মাত্ৰা ক্ৰমে তীব্ৰৰ পৰা তীব্রতৰ হৈছিল বজালী অঞ্চলটো৷ সেই আন্দোলনৰে ফলত বজালীৰ ৰিহাবাৰীত ব্ৰিটিছৰ পুলিচ বাহিনীৰ গুলীত ২৫ ছেপ্টেম্বৰৰ দিনটোত নিহত হৈছিল বজালীৰ ভোগপুৰৰ স্কুলীয়া ছাত্র মদন বৰ্মন আৰু সাদেৰী গাঁৱৰ খেতিয়ক ৰাউতাৰাম কোচ৷ এনেকুৱা শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত আজি আমাৰ দেশ স্বাধীন হ’ল৷ কিন্তু দেশে স্বাধীনতা লাভ কৰাৰ সাতটা দশক পাৰ হোৱাৰ পিছতো প্ৰাপ্য সন্মান নাপালে বজালীৰ দুই শ্বহীদৰ পৰিয়াল অথবা গাঁওবাসীয়ে৷ দুয়োগৰাকীৰ মৃত্যু দিৱসৰ দিনটো বজালীত প্ৰতি বছৰে শ্বহীদ দিৱস ৰূপে পালন কৰি অহা হৈছে যদিও আনকি নিৰ্মাণ হোৱা নাছিল ভাল এটা আৱক্ষ মূৰ্তি৷ এইবাৰ পাটাছাৰকুছিৰ বিধায়ক তথা মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ নিজাববীয়া প্ৰচেষ্টা আৰু উদ্যোগত নিৰ্মাণ কৰা ব্ৰঞ্জৰ আৱক্ষ মূৰ্তি দুটা স্থাপন কৰা হয় ছহিদ যুগলৰ জন্মস্থানত৷ আৱক্ষ মুৰ্তি দুটা স্থাপন কৰি স্থানীয় ৰাইজে সাদেৰী আৰু ভোগপুৰত বজালী জিলা প্ৰশাসনৰ সহযোগত স্মৰণ কৰিলে শ্বহীদ যুগলক৷ ৰাইজৰ আশা ইমান দিনে বঞ্চিত হৈ অহা ইতিহাস প্ৰসিদ্ধ শ্বহীদ যুগলৰ জন্মস্থানক নতুন মাত্রা দিব বৰ্তমানৰ চৰকাৰে৷ উল্লেখ্য যে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উদ্যোগত আৰু বজালী জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত ‘৪২ৰ শ্বহীদ মদন বৰ্মন আৰু ৰাউতাৰাম কোচৰ দুটা ব্ৰঞ্জৰ আৱক্ষৰ মূৰ্তি যোৱা ২১ আৰু ২২ ছেপ্টেম্বৰ বজালী উচ্চতৰ মাধ্যমিক খেল পথাৰত ৰাজহুৱা প্ৰদৰ্শনী আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়৷ নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীসকলে যাতে দুয়োগৰাকী শ্বহীদৰ আৱক্ষ প্ৰতিমূৰ্তি দৰ্শন কৰিব পাৰে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে তাৰ ব্যৱস্থা কৰি দুয়োজনৰ জীৱনাদৰ্শনৰ সম্বন্ধে বিভিন্ন তথ্য প্ৰতিমূৰ্তিৰ লগতে ৰখাৰ ব্যৱস্থা কৰা হয়৷ ইমান দিন বঞ্চিত হৈ থকা দুই শ্বহীদৰ পক্ষে মন্ত্ৰী দাসে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে বজালীবাসীয়ে তেওঁক কৃতজ্ঞতা জনায়৷ ইপিনে শ্বহীদ ৰাউতা-মদন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুই শ্বহীদক স্মৰণ কৰা হয়৷ শ্বহীদৰ বন্তি প্ৰজ্বলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ইলাবন্ত খাটনিয়াৰে, পতাকা উত্তোলন কৰি অধ্যক্ষ দিবাকৰ দাসে ৷ ইয়াৰ পিছতে দুই শ্বহীদক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like