নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লী কেপিটেলছৰ শিবিৰত মোক্ষম আঘাত

🔹 এখন মেচৰ পৰা নিলম্বন ঋষভ পণ্টক

বিশেষ বাৰ্তা, ১১ মে’ : দিল্লী কেপিটেলছৰ শিবিৰত মোক্ষম আঘাত৷ দেওবাৰে ৰয়েলছ চেলেঞ্জার্ছ বেংগালুৰুৰ বিপক্ষে খেলিবলগীয়া গুৰুত্বপূর্ণ মেচখনত দলত নাথাকিব ঋষভ পণ্ট৷ পণ্টৰ অনুপস্থিতিয়ে কাইলৈৰ বিজয় অপৰিহার্য মেচখনত চাপত ৰাখিছে দিল্লী কেপিটেলছক৷ উল্লেখ্য যে আইপিএল কর্তৃপক্ষই দিল্লী দলটোৰ অধিনায়ক ঋষভ পণ্টক এখন মেচৰ পৰা নিলম্বন কৰাৰ লগতে ৩০ লাখ টকাৰ জৰিমনাও বিহিছে৷ যোৱা ৭ মে’ত দিল্লীয়ে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে মুখামুখি হৈছিল৷ উক্ত মেচখনত মন্থৰ গতিত বলিং কৰাৰ বাবে পণ্টক নিলম্বন কৰা হৈছে৷ আইপিএল কর্তৃপক্ষই এক বিবৃতিত উল্লেখ কৰা অনুসৰি পণ্টক আইপিএলৰ নিয়ম উলংঘা কৰাৰ বাবে শাস্তি প্রদান কৰা হৈছে৷ মন্থৰ গতিত বলিং কৰাৰ বাবে আর্থিক জৰিমনাৰ লগতে এখন মেচৰ পৰা নিলম্বন কৰা হৈছে৷ উল্লেখ্য যে চলিত আইপিএলত দিল্লী কেপিটেলছে তৃতীয়বাৰৰ বাবে মন্থৰ গতিত বলিং কৰিছে৷ আইপিএলৰ নিয়ম অনুসৰি মন্থৰ গতিত বলিং কৰাৰ বাবে প্রথমবাৰৰ বাবে দোষী সাব্যস্ত হ’লে দলটোৰ অধিনায়কক ১২ টকাৰ জৰিমনা বিহা হয়৷ দ্বিতীয়বাৰ একেই অপৰাধ কৰিলে ২৪ লাখ আৰু তৃতীয়বাৰ অনুৰূপ অপৰাধ কৰিলে ৩০ লাখ টকাৰ জৰিমনা বিহাৰ লগতে এখন মেচৰ পৰা নিলম্বন কৰা হয়৷ তৃতীয়বাৰ এনে কৰিলে কেৱল অধিনায়ককে নহয়, দলৰ প্রতিজন সদস্যৰে মেচ ফীৰ ৫০ শতাংশ কর্তন কৰা হয়৷

You might also like