নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাৰ এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থীঃ বেনাৰ-পোষ্টাৰৰ অবিহনে হাতত শৰাই, তামোল পানৰ বঁটা লৈ চলাইছে প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ: অসমৰ দ্বিতীয় প্ৰৰ্যায়ৰ বিধান সভা নিৰ্বাচনৰ বাবে বিভিন্ন দলৰ বিভিন্ন প্ৰাৰ্থীয়ে নিজা নিজা কৌশলত ভোটাৰক আকৃষ্ট কৰিবলৈ বেলেগ বেলেগ পন্থা অৱলম্বন কৰাৰ সমান্তৰালকৈ ৰহা সমষ্টিৰ এগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱৰ্তীন হৈছে যদিও প্ৰচাৰত দেখুৱাইছে এক অভিনৱত্ব।

সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদণ্ডিতা আগবঢ়োৱা জনতা দলৰ মনি দাসে নিৰ্বাচনত প্ৰতিদণ্ডিতা কৰি অন্য প্ৰাৰ্থীৰ দৰে সভা-সমিতি, বেনাৰ- পোষ্টাৰ, ব্যয় বহুল প্ৰচাৰৰ বিপৰীতে প্ৰচাৰৰ বাবে লৈছে এক অভিনৱ পন্থা । হাতত গামোচাৰে ঢকা  তামোল- পাণৰ শৰাই লৈ একাংশ মহিলাৰ সৈতে ঘৰে ঘৰে  পদবজ্ৰে গৈ ভোট বিচাৰিছে প্ৰাৰ্থীগৰাকীয়ে। পূৰ্বে ৰাজনীতিৰ বাৰাণ্ডাত ভৰি নোথোৱা মহিলা মনি দাসে অতি কম সময়ৰ ভিতৰতে জনতা দলত যোগদান কৰি নগাঁও জিলাৰ উপসভাপতি পদত নিযুক্তি লাভ কৰে আৰু ইয়াৰ পিছতে মনি দাসে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত  ৰহা সমষ্টিত জনতা দলৰ হৈ নিৰ্বাচনত নামি পৰে।

বিশেষ ৰাজনৈতিক জ্ঞান, ধন, টকা পইচা নথকা মনি দাসে এসময়ত কৰা নাৰী সুৰক্ষা সমিতিৰ একাংশ মহিলাক লগত লৈ খোজকাঢ়িয়েই ঘৰে ঘৰে চলাইছে প্ৰচাৰ। নিজে এঘড়ী যুজিবলৈ সাজু হোৱা মহিলাগৰাকীয়ে কয় যে পানীত নামিছো যেতিয়া মাছ পাওঁ নাপাওঁ পিছৰ কথা, পানী ঘোলা কৰিমেই। অৱশ্যে প্ৰাৰ্থীগৰাকীয়ে ৰাজনৈতিক পথাৰত কিমান পানী ঘোলা কৰে সেয়া সময়েহে ক’ব ।

You might also like