নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহাত জয়লাভ কৰিব কোনে ? কংগ্ৰেছ-অগপৰ মাজত হ’ব মূল যুঁজ

অজাপ-সংখ্যালঘূ ভোটাৰে নিৰ্ণয় কৰিব অগপ-কংগ্ৰেছৰ ভাগ্য!

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ অসমৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পাছত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে পুনৰ সাজু হৈছে ৰাজ্যৰ নিৰ্বাচন আয়োগ। প্ৰথম পৰ্যায় নিৰ্বাচনত মধ্য অসমৰ নগাঁও জিলাৰ চামগুৰি, কলিয়াবৰ, ধিং, ৰূপহী, বটদ্ৰৱা আদি সমষ্টিত ভোটগ্ৰহণ হৈ যোৱাৰ পাছত দ্বিতীয় পৰ্যায়ত ৰহা, বঢ়মপুৰ, নগাঁও সদৰ, হোজাই, লামডিং আদি সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। উল্লেখ্য যে, বিগত ২০১৬ চনত নগাঁও জিলাৰ কলিয়াবৰ(অগপ), বঢ়মপুৰ, (অগপ), নগাঁও  সদৰ(বিজেপি), ৰহা (বিজেপি), হোজাই ( বিজেপি), লামডিং(বিজেপি) আৰু বটদ্ৰৱা(বিজেপি) সমষ্টিত মিত্ৰজোঁটে জয়লাভ কৰি নিজৰ অধিপত্য বিস্তাৰ কৰিছিল। ইয়াৰ বিপৰীতে চামগুৰি, ৰূপহীহাতত কংগ্ৰেছ আৰু ধিং সমষ্টিত এআইইউডিএফ দলে দখল কৰি সন্মান ৰক্ষা কৰিছিল। মূলত: সেই বছৰৰ নিৰ্বাচনত অসমতে কংগ্ৰেছ দলৰ প্ৰতি  জনতাৰ অনীহাৰ বাবে মধ্য অসমতো বেয়াকৈ মুখ থেকেছা খাব লগা হয়। সেহে চলিত নিৰ্বাচনত কংগ্ৰেছ-এআইইউডিএফ-বিপিপিএফকে ধৰি কেইবাটাও ৰাজনৈতিক দল একত্ৰিতহৈ মহাজোঁট বন্ধন কৰি নিৰ্বাচনত জয়ী হোৱাৰ পৰিকল্পনাই বিভিন্ন সমষ্টিত অগপ-বিজেপি মিত্ৰজোঁটক শ’লঠেকত পেলোৱা দেখা গৈছে।  উল্লেখ্য ইয়াৰে এক সমষ্টি হ’ল ৰহা বিধানসভা সমষ্টি।

মন কৰিবলগীয়া যে, ২,২০,৯৫৩  গৰাকী ভোটাৰে পৰিপূৰ্ণ সমষ্টিটোত বিগত ২০১৬ চনৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰহাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰেপ্ৰেক্ষিত্বত বিজেপিয়ে জয় লাভ কৰিছিল। কিন্তু দেখা যায়, শেহতীয়া সময়লৈকে সমষ্টিটোত বিজেপিৰ যিমান উত্থান হৈছিল সেয়া কেৱল সমষ্টিৰ হিন্দু এলেকাতহে সম্ভৱপৰ হৈছিল। ইয়াৰ বিপৰীতে প্ৰায় পঁচাশী হাজাৰ সংখ্যালঘূ ভোটাৰৰ মাজত বিজেপিয়ে সুবিধাজনক ভাবে স্থিতি গ্ৰহণত ব্যৰ্থ হৈছে। এনে অৱস্থালৈ চাই এইবাৰৰ বাবে ৰহা সমষ্টিটো মিত্ৰজোঁটৰ বাবে তীব্ৰ যুঁজ হোৱাৰ সম্ভাৱনা আছে।কিন্তু নিজৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে কংগ্ৰেছ, অগপৰ লগতে অসম জাতীয় পৰিষদেও নিজৰ নিজৰ তথ্যৰ  দ্বাৰা  বিশাল অংকৰে জয়লাভৰ সপোনত বিভোৰ হৈ আছে।

শেহতীয়াকৈ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ তথ্য অনুসৰি হিন্দু বসতি প্ৰধান অঞ্চলত বিজেপিয়ে অধিক উত্থান লাভ কৰা বিপৰীতে মুছলমান অধ্যুষিত এলেকাত কংগ্ৰেছৰ  উত্থান অধিক দেখা যায়। ইয়াৰ ভিতৰত ২০১৯ চনৰ তথ্য অনুসৰি জাগীয়াল মৌজাৰ শালমৰা পঞ্চায়তত কংগ্ৰেছ দলে মাত্ৰ ৪৮৯ টা ভোট লাভ কৰা বিপৰীতে বিজেপিয়ে ২০৫১ টা ভোট লাভ কৰিছিল। সেইদৰে ফুলগুৰিত কংগ্ৰেছে ৭৭৩ টা , বিজেপিয়ে ৩২০৯ টা; দক্ষিণ জাগীয়ালত কংগ্ৰেছে ১২৮৬ টা , বিজেপিয়ে ৩০২৫ টা আৰু ঘাঁহীত কংগ্ৰেছে ৭৩৪ টা আৰু বিজেপিয়ে ৪০৬৫টা ভোট লাভ কৰিছিল।সেইদৰে ৰহা মৌজাৰ ৰণথলি পঞ্চায়তত কংগ্ৰেছে ৯৪৩ টা, বিজেপিয়ে ৪৩৬২ টা; দীঘলদৰীত কংগ্ৰেছে ১১৫৩ টা , বিজেপিয়ে ২৮৭৩টা ভোট লাভ কৰে। চহৰী মৌজাটো চহৰী পঞ্চায়তত কংগ্ৰেছে- ১৪৪৪ টা, বিজেপিয়ে ৩০০৭ টা; দীঘলীআটিত কংগ্ৰেছে ১৯৬৭ টা, বিজেপিয়ে ২০১৫টা ; আমচৈত কংগ্ৰেছে- ১৭৪৫ টা; বিজেপিয়ে ৪৭২৩টা; হাটবৰত কংগ্ৰেছে-১৬৬৯টা, বিজেপিয়ে ৩৩৯৭ টা ভোট লাভ কৰে। জৰাবাৰী মৌজাৰ চাপৰমুখত কংগ্ৰেছে ৯৪৮টা , বিজেপিয়ে ৩৩১৮টা; কমাৰগাঁওত কংগ্ৰেছে ৩২৮২টা, বিজেপিয়ে ২৫৬৭ টা; আমতলা পঞ্চায়তত কংগ্ৰেছে ৪৬৯২টা; বিজেপিয়ে ১৯০৭টা ; মাগুৰগাঁৱত কংগ্ৰেছে ৬৩৫২টা , বিজেপিয়ে ১৬৯৪টা আৰু বগলাজানত কংগ্ৰেছে ৪০২৯টা আৰু বিজেপিয়ে ৩৭৭৪টা আৰু প্ৰমিলাত কংগ্ৰেছে ৩০৪৪টা , বিজেপিয়ে ৫৬৯২টা ভোট লাভ কৰে। এই তথ্যৰ পৰা দেখা যায় যে, ৰহা খণ্ডৰ অন্তৰ্গত ১৭ টা পঞ্চায়তত কংগ্ৰেছে ৩৬১৫২ টা ভোট লাভৰ বিপৰীতে বিজেপিয়ে ৫৬৭১৭টা ভোট লাভ কৰিছিল।

আনহাতে সমষ্টিৰ কঠিয়াতলি খণ্ডৰ অন্তৰ্গত  এঘাৰটা পঞ্চায়তৰ ভিতৰত মাধৱপাৰাত  কংগ্ৰেছে-৮৪৫২টা, বিজেপিয়ে-৫৫৫টা; জুৰিপাৰত কংগ্ৰেছে ৫৬১৪ টা, বিজেপিয়ে-১৬০৭ টা ; চানখোলাত কংগ্ৰেছে -৫২১৪ টা, বিজেপিয়ে -২০৬১টা ; গেৰজাইপামত কংগ্ৰেছে-৫৮৩৪টা , বিজেপিয়ে ২৮৩৪ টা; চাংচকীত কংগ্ৰেছে ৫৬৭টা, বিজেপিয়ে ২৭৯০ টা; লংজাপত কংগ্ৰেছে- ৬৪১৬টা, বিজেপিয়ে ৫৯৫৯টা ; কচুৱাত কংগ্ৰেছে ৭৮০৪টা, বিজেপিয়ে ৭৮১টা ; শিঙিমাৰীত কংগ্ৰেছে ৯৯৪ টা, বিজেপিয়ে ৪৮৩২টা ; বকুলগুৰিত কংগ্ৰেছে ৬১৪৩টা , বিজেপিয়ে ৭৬২ টা; গাৰুখুন্দাত কংগ্ৰেছে ১২৯৮টা , বিজেপিয়ে ২১৭৯ টা; আৰু বৰপথাৰ পঞ্চায়তত কংগ্ৰেছে ৯১১টা আৰু বিজেপিয়ে ২৮২৪টা ভোট লাভ কৰে। এই তথ্যৰ পৰা কংগ্ৰেছে ৪৯২৪৯টা লাভ কৰা বিপৰীতে বিজেপিয়ে ২৭২৩০টা ভোট লাভ কৰে। অৰ্থাৎ দুয়োটা খণ্ডৰ মুঠ ২৭টা পঞ্চায়ত আৰু এটা পৌৰসভা এলেকাত কংগ্ৰেছে বিজেপিতকৈ ১৬৪০ টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে।

তাৎপৰ্যপূৰ্ণ বিষয় যে, যদিহে এইদৰেই ভোটাৰ সংখ্যা অব্যাহত থাকে তেন্তে বিজেপিৰ বাবে মুঠেই লাভজনক নহ’ব আৰু কংগ্ৰেছ দলে সুবিধা লাভকৰা সম্ভাৱনা আছে। অন্যহাতে বিজেপি তথা অগপৰ প্ৰাৰ্থী বিষ্ণু দাসৰ নিৰ্বাচনী বতাহে সমষ্টিটোত জোৱাৰ সৃষ্টি কৰি প্ৰায় ৮৩ হাজাৰ সংখ্যালঘূ তথা মুছলিম ভোটাৰৰ মাজত বিশেষ প্ৰভাৱ পেলোৱা দেখা গৈছে। বিশেষত পুৰণি অগপৰ মুছলমান কৰ্মী সকলে দলীয় সবল নেতৃত্বৰ বাবে দলীয় কাম-কাজৰ পৰা বহি থকাৰ পাছত শেহতীয়াকৈ পুনৰ দলীয় কাম কৰিবলৈ ওলাই অহাত অগপই পুনৰ এক স্থিতি লাভৰ সম্ভাৱনা আছে। অগপৰ মিত্ৰজোঁটৰ বাবে প্ৰায় ৯৭ হাজাৰ হিন্দু ভোটাৰ বসতি প্ৰধান এলেকাত যথেষ্ঠ পৰিমাণে প্ৰচাৰ চলাই ভোটাৰক আকৰ্ষিত কৰা চেষ্টা কৰিছে। যদিহে নিৰ্বাচনী প্ৰচাৰৰ মতে অগপই ভোট লাভ কৰিলে বিজয় হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে নৱ গঠিত অসম জাতীয় পৰিষদেও সমষ্টিত বিশেষ ভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে।

উচ্চ শিক্ষিত উদ্যোগী যুৱক তথা অজাপৰ প্ৰাৰ্থী উৎপল বনিয়াই সংখ্যালঘূ লোকৰ মাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও শেষপৰ্যায়লৈ ৰাজনৈতিক সমীকৰণ পৰিৱৰ্তন হোৱাৰ খবৰ আহিছে। যদিহে সংখ্যালঘূ ভোটাৰে অজাপক কিছুপৰিমাণে আদৰি ল’লেও অগপৰ বাবে সংকট অহাৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী প্ৰাকূতন বিধায়ক গুণেশ্বৰ দাসে কংগ্ৰেছ -অগপক বিশেষ প্ৰত্যাহ্বান জনাইছিল যদিও অন্তিম ক্ষণত গুণেশ্বৰ দাসে গোপনে  অগপৰ লগত চামিল হোৱা খবৰ আহিছে। যদিহে প্ৰকৃততে গুণেশ্বৰ দাসৰ সমৰ্থক সকলে অগপক সহায় কৰে তেন্তে অগপৰ জয় প্ৰায় নিশ্চিত হ’ব! অন্যহাতে ৰাইজৰ দলে সমষ্টিটোত প্ৰভাৱ পেলাব বুলি বহুতেই ধাৰণা কৰিছিল যদিও দলটোৱে কোনোধৰণৰ খোপনিয়ে পুতিবলৈ সক্ষম ন’হল। অন্যদৃষ্টিৰে ৰহা সমষ্টিত এজন বিধায়ক বা দলে দ্বিতীয় বাৰলৈ জয়লাভ নকৰে যদিও অগপদলৰ  ভাগ্য কি হ’ব সময়তহে দেখা যাব। মুলতঃ সমষ্টিটোত কংগ্ৰেছৰ শশীকান্ত দাস আৰু অগপৰ বিষ্ণু দাসৰ মাজত মূলযুঁজ হ’ব যদিও অসম জাতীয় পৰিষদে অথবা সংখ্যালঘূ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা সম্ভাৱনা আছে।

You might also like