নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াৰ ঐতিহাসিক জয়ন্তী কালী মন্দিৰ আৰু দীপ্তেশ্বৰী দেৱালয়ত কুমাৰী পূজা

নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ  আজি মহানৱমী । মহানৱমীৰ দিনা প্ৰান্তে প্ৰান্তে দেৱালয় সমূহত কৰা হৈছে কুমাৰী পূজা । ৰঙিয়াৰ ঐতিহাসিক জয়ন্তী কালী মন্দিৰ আৰু দীপ্তেশ্বৰী দেৱালয়তো কুমাৰী পূজা অনুষ্ঠিত কৰা হয় । ২৫২ বছৰীয়া এই দুৰ্গা পূজাৰ নৱমীৰ দিনা ৯ গৰাকী কুমাৰীক লৈ দেৱী দুৰ্গাৰ ৯ টা ৰূপক লৈ পূজা ভাগ কৰা হয় । বৈদিক ৰীতি মতে এই পূজাভাগত কুমাৰীসকলক দুৰ্গাৰ ৰূপত বস্ত্ৰ পৰিধান কৰাই ধূপ-ধূনা তথা নৈবদ্য আগবঢ়োৱা হয় ।

উল্লেখযোগ্য যে দেৱী দুৰ্গাক নৱৰূপত এই কুমাৰী পূজা কৰিলেহে সিদ্ধি লাভ কৰিব পাৰি বুলি লোক বিশ্বাস আছে । কুমাৰী পূজাৰ অন্তত এই কুমাৰী সকলক বস্ত্ৰ , প্ৰসাধন সামগ্ৰী আগবঢ়োৱাৰ লগতে পৰমান্ন খুৱাই সেৱা লয় । পূজা উপলক্ষে ৰঙিয়াৰ জয়ন্তী কালী মন্দিৰত বহু ভক্তৰ লগতে সুদূৰ মালেচিয়াৰ পৰাও ভক্ত অহা পৰিলক্ষিত হয় । ইফালে ঐতিহ্যমণ্ডিত দীপ্তেশ্বৰী দেৱালয়তো যথাৰীতি মতে কুমাৰী পূজা কৰা হয় । মা অন্নপূৰ্ণা খ্যাত দীপ্তেশ্বৰী দেৱালয়ত তিনি গৰাকী কুমাৰীক ‌লৈ কুমাৰী পূজা কৰা হয় ।

You might also like