নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাপৰা সমষ্টিৰ ঐতিহ্যমণ্ডিত লাউকে চাপৰি মন্দিৰত নৱমীত প্ৰতীকী বলি-বিধান সম্পন্নঃ ক’ভিড বিধি মানি ভক্তপ্ৰাণ ৰাইজৰ সমাগম

নিয়মীয়া বাৰ্তা  ১৪ অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ নৱমীৰ দিনা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দেৱালয়, পূজা সমূহত জীৱ-জন্তুৰ বলি-বিধানৰ ব্যৱস্থা কৰা হয় যদিও এতিয়াও ব্যতিক্ৰমী প্ৰথাৰ বলিৰ ব্যৱস্থা কৰা হয় শোণিতপুৰৰ ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লোক্ৰা অঞ্চলৰ লাউকে চাপৰিৰ ঐতিহ্যমণ্ডিত মন্দিৰত । জীয়াভৰলী নৈৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ লাউকে চাপৰি অঞ্চল মূলতঃ গোৰ্খা জনগোষ্ঠীয় লোকসকলৰ বসতিপ্ৰধান । গোৰ্খা জনগোষ্ঠীয় লোকসকলে প্ৰতিবছৰে উক্ত মন্দিৰত মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত প্ৰতিবছৰে বৈদিক প্ৰথা অনুসৰি মন্দিৰ প্ৰাংগণত শাৰদীয় দুৰ্গোৎসৱ অনুষ্ঠিত কৰি অহা পৰিলক্ষিত হৈছে । মন্দিৰটোত দেৱী দুৰ্গাৰ ওচৰত তেল-ধূপ-দ্বীপ-নৈবেদ্য আগবঢ়াই লাউকে চাপৰি, বুঢ়াগাঁও চাপৰি, বুঢ়াগাঁও চাহ বাগিছা অঞ্চলৰ ৰাইজে দেৱী মাৰ পূজা পৰম্পৰাগতভাৱে কৰি আহিছে ।

আনহাতে, যিসময়ত ৰাজ্যত বিভিন্ন সময়ত জীৱ-জন্তৰ বলি-বিধানক কেন্দ্ৰ কৰি বাক-বিতণ্ডা, চৰ্চা অব্যাহত থাকে তেনেসময়তে প্ৰতিবছৰে বলি প্ৰদানৰ ক্ষেত্ৰত মন্দিৰটোত এতিয়াও বৈদিক প্ৰথা চলি অহাতো শুভ লক্ষণ বুলি ক’ব পাৰি । অন্য বছৰৰ দৰে এইবেলিও মন্দিৰ প্ৰাংগণত নৱমীৰ দিনাখন বলি শাল পাতি পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজেদি বলিৰ প্ৰতীকী হিচাপে কোমোৰা, লাউ আদি বলি দিয়া হয় । অঞ্চলটোৰ ভিতৰতে ব্যতিক্ৰমী প্ৰতীকী বলি চাবলৈ ভালেমান ৰাইজে ভিৰ কৰা দেখা যায় । একেদৰে, মন্দিৰ প্ৰাংগণত অনুষ্ঠিত দুৰ্গা পূজাত ভক্তপ্ৰাণ ৰাইজে ক’ভিড বিধি পালন কৰি, মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰি, নিয়মিতভাৱে হাত ধুই পূজাৰ আনন্দ উপভোগ কৰে ।

You might also like