নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেজেৰাৰ পৰা চতিয়াৰ কন্যকা কৃষি পামলৈ প্রশিক্ষণৰ বাবে যোৱা দলটোৰ যাত্ৰাৰ শুভাৰম্ভণি ৰঞ্জিত ভট্টাচাৰ্যৰ

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ মুখ্যমন্ত্ৰীৰ সমগ্র গ্ৰাম্য উন্নয়ন আঁচনিৰ জৰিয়তে অসম চৰকাৰৰ পশু পালন বিভাগৰ পৰিচালনাৰে বেজেৰা উন্নয়ন খণ্ডৰ অন্তর্গত ৭খন গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ সদস্য সকলৰ দ্বিতীয়টো দল আজি বুধবাৰে উন্নত প্রশিক্ষণৰ বাবে চতিয়া সমষ্টিৰ কন্যকা কৃষি পামলৈ পঠিওৱা হয়। মান্দাকাটা গাঁও পঞ্চায়তৰ পৰা প্ৰেৰণ কৰা এই দলটোত ৫০ সদস্য প্ৰেৰণ কৰা হয় ৷ কন্যকালৈ আজি প্ৰেৰণ কৰা দলটোৰ যাত্ৰাৰ শুভাৰম্ভণী কৰে বিজেপিৰ কৃষক মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই ৷ মুখ্যমন্ত্ৰীৰ সমগ্র গ্ৰাম্য উন্নয়ন আঁচনিৰ জৰিয়তে গৰু ,ছাগলী ,গাহৰি পালনৰ উন্নত প্রশিক্ষণ দিয়া হব। এই আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বেজেৰা খণ্ড উন্নয়ন বিষয়া অপূৰ্ব বৰুৱা, মান্দাকাটা গাঁও পঞ্চায়তৰ সভাপতি জাহিদুল ইছলাম, আঞ্চলিক সদস্য বীৰেন্দ্ৰ বৈশ্য, বিজেপিৰ জ্যেষ্ঠ কৰ্মী অচ্যুত দাস,বাবুল ছেত্ৰী,আয়েজুল হক,প্ৰাক্তন ছাত্ৰনেতা বনজিৎ ডেকা,ইন্তাজুল হক,আৰিফ আহমেদ প্ৰমুখ্যে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি৷

You might also like