নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নির্বাচনলৈ সাজু ইউপিপিএল

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ আগন্তুক বিধানসভা নির্বাচনত বিটিআৰত আমাৰ বাবে প্রত্যাহ্বান হ’ব বিপিএফ৷ এই মন্তব্য বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো৷ মঙলবাৰে বাক্সা জিলাৰ বৰবৰীত অনুষ্ঠিত দলৰ কেন্দ্রীয় কার্যনির্বাহক সভাৰ অন্তত সাংবাদিকৰ আগত কয় বিপিএফ আমাৰ বাবে সদায় প্রত্যাহ্বান৷ বিধানসভা নির্বাচনক লৈ ইউপিপিএলে ইতিমধ্যে কঁকালত টঙালি বন্ধা বুলি উল্লেখ কৰে৷ ৰাজ্যৰ ২৬টা সমষ্টিতে প্রার্থী প্রক্ষেপ কৰিব পৰা অৱস্থাত আছে যদিও এইক্ষেত্রত দলৰ কার্যনির্বাহকেহে চূডান্ত সিদ্ধান্ত ল’ব বুলি তেওঁ জানিবলৈ দিয়ে৷

ইউপিপিএল দলে নির্বাচনী কুচকাৱাজ আৰম্ভ কৰাৰ লগতে বিজেপিৰ সৈতে নে অকলে নির্বাচনী যুঁজত অৱতীর্ণ হ’ব সেয়া পর্যালোচনা চলি থকা বুলি তেওঁ প্রকাশ কৰে৷ তেওঁ কয় যে বিটিচি নির্বাচনৰ সময়ত বিজেপিৰ সৈতে কোনোধৰণৰ আনুষ্ঠানিক মিত্রতা নাছিল, ইউপিপিএলৰ এক বুজাবুজিহে আছিল৷ এই মিত্রতাক আনুষ্ঠানিক ৰূপ দিয়াৰ বাবে চিন্তা–চর্চা কৰি থকা হৈছে বুলিহে তেওঁ উল্লেখ কৰে৷ আনহাতে ২০০৩ চনৰ ১০ ফেব্রুৱাৰীত স্বাক্ষৰিত বিটিচি চুক্তি দিৱসত চৰকাৰীভাৱে স্থানীয় বন্ধ দিয়াৰ প্রসংগত কয় যে বন্ধ সংস্কৃতি আমি ক্রমান্বয়ে নাইকিয়া কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছেছা৷ বিটিআৰৰ সর্বাংগীণ উন্নয়নৰ বাবে যুৱ প্রজন্মক অগ্রাধিকাৰ দি শিক্ষা আৰু কৃষিক্ষেত্রত বিটিচি পৰিষদীয় চৰকাৰে নতুন আঁচনিৰ পৰিকল্পনা হাতত লোৱা বুলি তেওঁ ব্যক্ত কৰে৷

You might also like