নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত নৃশংস হত্যাকাণ্ডত অৱসৰপ্ৰাপ্ত বিষয়া নিহত

✅গুৰুতৰভাৱে আহত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী

✅হত্যাকাণ্ডত ব্যৱহৃত হোৱা দা উদ্ধাৰ

ষ্টাফ ৰিপৰ্টাৰ, ২৯ নৱেম্বৰ : কোকৰাঝাৰ সদৰ চহৰৰ বিধানপল্লীত এক ভয়ংকৰ তথা চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে৷ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া তপন চক্ৰৱৰ্তী (৭২) আৰু তেওঁৰ পত্নী তথা ডি এন হিম্মৎসিংকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মধুমিতা বেনাৰ্জীক (৬৫) বুধবাৰে পুৱা দুষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। দুষ্কৃতিকাৰীৰ চোকা অস্ত্ৰৰ আক্ৰমণত তপন চক্ৰৱৰ্তীয়ে কৰুণ মৃত্যুক সাবটি লয়৷ আনহাতে অতি সংকটজনক অৱস্থাত মধুমিতা বেনাৰ্জী বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিংহোমত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে তপন চক্ৰৱৰ্তী আৰু মধুমিতা বেনাৰ্জীৰ পুত্ৰ বেংগালুৰুত আৰু জীয়ৰী আমেৰিকাত থকা সূত্ৰে দম্পতীটোৱে বিধানপল্লীৰ নিজ ঘৰতে বসবাস কৰি আহিছিল। আজি পুৱা ৫:৩০ মান বজাত দুষ্কৃতিকাৰীয়ে চৌহদৰ বেৰ পাৰ হৈ তপন চক্ৰৱৰ্তীৰ ঘৰত প্ৰৱেশ কৰে আৰু দম্পতীটোক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। দুষ্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা দম্পতীটোৱে সহায়ৰ বাবে ভিতৰৰ পৰাই চিঞৰ-বাখৰ কৰে। মূলতঃ তপন চক্ৰবৰ্তীৰ চিঞৰ শুনি প্ৰাতঃভ্ৰমণত অহা এজন প্ৰতিৱেশী সহায়ৰ বাবে আগবাঢ়ি যায়। কিন্তু মুল দৰ্জা বন্ধ থকাত ভিতৰত কেনেকৈ যাম বুলি তপন চক্ৰবৰ্তীক সোধে। তেতিয়া তপন চক্ৰবৰ্তীয়ে চৌহদৰ বেৰ পাৰ হৈ সোমাই আহি তেওঁলোকক উদ্ধাৰ কৰিবলৈ কাতৰ অনুৰোধ কৰাত প্ৰতিৱেশীজনে চৌহদৰ বেৰ পাৰ হৈ ভিতৰত প্ৰৱেশ কৰে আৰু দুয়োকে ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে। তপন চক্ৰবৰ্তীয়ে প্ৰতিৱেশীজনক গেটৰ চাবি দিয়ে আৰু প্ৰতিবেশীজনে গেট খুলি আন লোকৰ সহায় বিচাৰে। সেই সময়ত তপন চক্ৰবৰ্তী কথা কব পৰা অৱস্থাত আছিল আৰু তেওঁলোকক জৈনক শীল নামৰ যুৱকজনে দাৰে কাটা বুলি কয়। তাৰ অলপ সময় পিছতে তপন চক্ৰবৰ্তী সংজ্ঞা হেৰুৱাই পেলায়। স্থানীয় ৰাইজে দুয়োকে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ নিয়া অৱস্থাত ৰাস্তাতে কৰুণ মৃত্যুক সাবটি লয় তপন চক্ৰৱৰ্তীয়ে। উক্ত ঘটনাই কোকৰাঝাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু জনসাধাৰণৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ অনুসন্ধান শাখা) পৃথ্বীৰাজ ৰাজখোৱা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। হত্যাকাণ্ডত ব্যৱহৃত হোৱা দাখন উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। ইপিনে বিধায়ক লৰেন্স ইছলাৰী আৰু জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীও ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ প্ৰণিধানযোগ্য যে হত্যাৰ বলি হোৱা তপন চক্ৰবৰ্তীয়ে মৃত্যুৰ পূৰ্বে হত্যাকাৰীৰ নাম লোৱা শম্ভু কাহাৰ ওৰফে শীলৰ প্ৰকৃত ঘৰ পশ্চিমবংগৰ কোচবিহাৰ বুলি জানিব পৰা গৈছে। কিছুদিন পূৰ্বে দোকান এখনত সংঘটিত হোৱা চুৰিকাণ্ডৰ বিষয়েও শম্ভু ওৰফে শীল জড়িত থকাৰ অভিযোগ উঠিছিল। তপন চক্ৰবৰ্তীৰ ঘৰত তেওঁ ৰং মিস্ত্ৰীৰ কাম কৰিছিল বুলি বিধায়ক লৰেঞ্চ ইছলাৰীয়ে স্থানীয় ৰাইজৰ তথ্য অনুসৰি বক্তব্য প্ৰদান কৰিছে আৰু শীঘ্ৰে হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে। হত্যাকাৰীয়ে দম্পতীটোক চোকা অস্ত্ৰৰে আক্ৰমন কৰাৰ পিছত চৌহদৰ বেৰ পাৰ হৈ যোৱাও দুই-এজন প্ৰাতঃভ্ৰমণকাৰীয়ে প্ৰত্যক্ষ কৰিছে। তপন চক্ৰবৰ্তীৰ হত্যাকাণ্ডক লৈ সদৰ চহৰখনত ব্যাপক প্ৰতিক্ৰিয়া বিৰাজ কৰিছে আৰু জনসাধাৰণৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্বত থকা কোকৰাঝাৰ আৰক্ষীৰ ভূমিকাক লৈ জনসাধাৰণে প্ৰশ্ন উত্থাপন কৰিছে। ইপিনে জানিব পৰা মতে দম্পতীটোৰ মোবাইল দুটাৰ লগতে ঘৰৰ আন সামগ্ৰীও হেৰাইছে যদিও আৰক্ষীয়ে এই সন্দৰ্ভত একো তথ্য সদৰী কৰা নাই। প্ৰকৃততে হত্যাকাণ্ডটো এক সাধাৰণ ডকাইতৰ ঘটনা নে আন উদ্দেশ্যপ্ৰণোদিত ঘটনা তাকে লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত আৰক্ষীয়েও মুখ খোলা নাই । ইপিনে বিটিচি প্ৰধান প্ৰমোদ বড়ো, বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী, কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে উক্ত ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি দোষীক কৰায়ত্ব কৰাৰ বাবে দাবী জনাইছে।

প্ৰেৰক শুকুৰ আকন্দ

You might also like