নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমি কংগ্ৰেছৰ দৰে ব্যক্তিগত ৰাজনীতি নকৰোঁ : এআইইউডিএফ

🔴ধুবুৰীত দলীয় এআইইউডিএফৰ কৰ্মীসভা

🔴বিধায়ক আমিনুল ইছলাম আৰু কৰিম উদ্দিন বৰভূঞাৰ অংশগ্ৰহণ

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ “এআইইউডিএফৰ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলি আছে। আপোনালোকে জানে আমাৰ দলৰ ফালৰ পৰা স্পষ্ট ঘোষণা হৈছে যে আমি অসমৰ কেৱল তিনিটা সমষ্টিত আমাৰ যুদ্ধ আগবঢ়াম। সেইকেইটা হ’ল ধুবুৰী, কৰিমগঞ্জ আৰু নগাঁও- এই তিনিটা সমষ্টিত আমি প্ৰাৰ্থিত্ব আগবঢ়াম।” আজি ধুবুৰীত সাংবাদিকৰ সন্মুখত এইদৰে কয় এআইইডিএফ দলৰ সাধাৰণ সম্পাদক (সাংগঠনিক) তথা মানকাচৰৰ বিধায়ক আমিনুল ইছলামে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত নেতাগৰাকীয়ে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি কয় যে “প্ৰতিশ্ৰুতিতো কংগ্ৰেছে যুগে যুগে দি আহিছে। চৰত মাটিৰ পাট্টা দিম বুলি কৈছিল; দিছে নেকি? ডি-ভোটাৰ শেষ কৰিব বুলি কৈছিল; কৰিছে নেকি? ডিটেনচন কেম্প কোনে বনাইছে?” আনহাতে দলটোৰ সাধাৰণ সম্পাদক (ৰাজনৈতিক পৰিক্রমা) তথা সোনাই বিধানসভা সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই ২০২৪ৰ লোকসভা নিৰ্বাচনত ধুবুৰীত বদৰুদ্দিন আজমলে বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী কৰে। তেওঁৰ মন্তব্য, “যদি ১০ লাখো লীড্ হয়, আচৰিত হোৱাৰ একো নাই। বিধায়কগৰাকীয়ে আৰু কয় যে “আমি কংগ্ৰেছৰ দৰে ব্যক্তিগত ৰাজনীতি নকৰোঁ নহয়। ৰাইজে চাই আছে- এফালে হাতীগাঁৱৰ কংগ্ৰেছৰ নেতাসকলৰ হোটেল; অৰু আনফালে আজমল চাহাবৰ ১০০খনতকৈ অধিক বিদ্যালয়। স্বাভাৱিকভাবেই কোনফালে ৰাইজ যাব সেয়াতো আপোনালোকে বুজি পায়।” উল্লেখ্য যে আজি ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰ অঞ্চলৰ ভাঙাৰপাৰত এক দলীয় কৰ্মীসভাত অংশ লয় এআইইউডিএফৰ দুই গৰাকী দলীয় বিধায়কে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like