নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত আল্ট্ৰা বাছৰ খুন্দাত নিহত এজন

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ : আজি কাহিলিপুৱাতে এটি দুৰ্ঘটনাই জোকাৰি গ’ল ছিপাঝাৰৰ গণেশকুঁৱৰী। মটৰচাইকেল আৰু এখন যাত্ৰীবাহী আল্ট্ৰা বাছৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এজন মটৰচাইকেল আৰোহী। উল্লেখযোগ্য যে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দুমুনীচকী-কুৰুৱা পথৰ গণেশকুঁৱৰীত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, দুমুনিচকীৰ পৰা কুৰুৱাৰ দিশত আহি থকা এ এছ ২৫ এ চি ৫৪৪৯ নম্বৰৰ বাছখনে বিপৰীত দিশেৰ পৰা আহি থকা এ এছ ০১ এ এন ৮৩৭২ নম্বৰৰ মটৰচাইকেলখনত তীব্ৰ বেগেৰে খুন্দা মাৰে। মটৰচাইকেলখনত থকা দুজন আৰোহীৰ এজন থিতাতে নিহত হয়। নিহত লোকজন ধানবাৰী চাপৰিৰ জহৰুদ্দিন আলী। আনহাতে গুৰুতৰভাৱে আহত আনজন আৰোহীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

প্ৰেৰক ৰণজিত কুমাৰ নাথ

You might also like