নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰৱ গগৈৰ বিৰুদ্ধে ১০ কোটিৰ মানহানি গোচৰ তৰিব ৰিণিকি ভূঞা শর্মাই

বিশেষ বাৰ্তা, ১৫ ছেপ্টেম্বৰঃ কেতবোৰ ভিত্তিহীন অভিযোগ উত্থাপনেৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ ভাবমূর্তি ম্লান কৰা সাংসদ গৌৰৱ গগৈৰ বিপক্ষে মানহানিৰ গোচৰ তৰিব প্রতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক (চিএমডি) ৰিণিকি ভূঞা শর্মাই৷ সাংসদ গগৈৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ তৰিবলৈ লোৱা সিদ্ধান্তৰ কথা ৰিণিকি ভূঞা শর্মাই প্রকাশ কৰিছে৷ বিগত কিছুদিন ধৰি ৰাজহুৱাকৈ আৰু সামাজিক মাধ্যমৰ জৰিয়তে সাংসদ গগৈয়ে উত্থাপন কৰা অভিযোগ নস্যাৎ কৰি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকগৰাকীয়ে এইদৰে কয়– ‘প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেড ২০০৬ চনৰ পৰা অসমৰ বিভিন্ন ক্ষেত্রত ব্যৱসায় কৰি থকা এক স্বকীয় প্রতিষ্ঠান৷ সকলো নীতি–নিয়ম, আইন মানি চলা এটা প্রতিষ্ঠান যাৰ বিত্তীয় লেনদেনৰ সকলো তথ্য ৰাজহুৱা ড’মেনত উপলব্ধ৷ আন সক্ষম আৰু যোগ্য প্রতিষ্ঠানৰ দৰেই প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডেও চৰকাৰৰ দ্বাৰা সমর্থিত যিকোনো কার্যসূচী বা উদগনিমূলক আঁচনিত ভাগ ল’ব পৰাকৈ সক্ষম আৰু যোগ্য৷ কিন্তু তথাপি শেহতীয়াকৈ চর্চিত প্রধানমন্ত্রীৰ কিষাণ সম্পদা আঁচনিৰ ক্ষেত্রত স্পষ্টকৈ কওঁ যে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে সকলো যোগ্যতা থকাৰ পিছতো চৰকাৰৰ পৰা এপইচাও ৰাজ সাহায্য বিচৰা নাই অথবা লাভো কৰা নাই৷ এয়া ১৭ বছৰ পুৰণি এটা প্রতিষ্ঠানৰ ভাবমূর্তি ম্লান কৰাৰ বাবে চলা এক আক্রমণ৷ যিটো প্রতিষ্ঠান এগৰাকী মহিলা উদ্যোগীয়ে সকলোধৰণৰ আইন মানি চলি পৰিচালনা কৰি আহিছে৷ সাংসদ গৌৰৱ গগৈৰ মর্যাদা হানিকৰ আক্রমণৰ পৰা আমাৰ কঠোৰ পৰিশ্রমী কর্মীসকলৰ স্বার্থ সুৰক্ষিত কৰাৰ বাবে মই তেওঁৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানি গোচৰ তৰাৰ সিদ্ধান্ত লৈছোঁ৷’

You might also like