নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা  নাহৰলগুন-দিল্লী ৰাজধানী এক্সপ্রেছ

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : আজি পুৱা দিল্লী আৰু অৰুণাচলৰ নাহৰলগুনৰ মাজত চলা অৰুণাচল এচি এচএফ (নাহৰলগুন-দিল্লী) ৰাজধানী দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল। জানিব পৰা মতে কালি বিয়লি ৪ বাজি ৪৫ মিনিটত দিল্লীস্থিত আনন্দ বিহাৰ টাৰ্মিনেল ষ্টেচনৰ পৰা অহা ২২৪১২ নম্বৰৰ উক্ত ৰাজধানী এক্সপ্রেছ ৰেলখন উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু শিৱানৰ মাজত অৰ্থাৎ ভটনি ষ্টেচনৰ ওচৰত জুই লগাৰ পৰা কথমপি ৰক্ষা পৰে। পুৱা ৬ মান বজাত সংঘটিত হব ধৰা দুৰ্ঘটনাৰ সংকেত পাই ৰেল খনৰ চাইৰেন বাজি উঠাত ৰেল খনৰ যাত্ৰীসকলৰ মাজত লাগে হুৱাদুৱা। পিছত ৰেল কতৃপক্ষৰ বিশেষজ্ঞ লোকে ঘটনাস্থলিত উপস্থিত হৈ ৰেল খনৰ বৈদ্যুতিক তাঁৰ সমুহ ভালকৈ পৰ্যবেক্ষণ কৰাৰ পিছত পুনৰ ৰেলখনে  অৰুণাচলৰ নাহৰলগনলৈ যাত্রা আৰম্ভ কৰে। উল্লেখ্য যে উক্ত ঘটনা সন্দৰ্ভত সবিশেষ জানিব দিয়ে ৰেল খনৰ যাত্ৰী ইটাখোলাৰ বাসিন্দা আশ্ৰফ আনচাৰীয়ে।
প্ৰেৰক শিবু মজুমদাৰ
You might also like