নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডত জড়িত দোষীক ফাঁচীৰ দাবীত টি.এম.পি.কে, এম. এম. কে., টি. এম. এম. কেৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ গুৱাহাটীৰ নুনমাটিত সংঘটিত ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডত জড়িত দোষীক ফাঁচীৰ দাবী জনোৱাৰ লগতে কেবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ কালি ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত সাক্ষাৎ কৰি অসমৰ মুখ্যমন্ত্ৰীক প্ৰদান কৰে টিএমপিকেই।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক প্ৰদান কৰা স্মাৰক পত্ৰত ঋতুপৰ্ণ পেগুৰ জঘন্য হত্যাকাণ্ডত জড়িত দোষীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি ন্যায় প্ৰদান কৰা, দোষীক ফাঁচী দিয়া, ঋতুপৰ্ণ পেগুৰ দুৰ্ভগীয়া পৰিয়ালটোক এককালীন সাহাৰ্য্য হিচাপে পোন্ধৰ লাখ টকা আগবঢ়োৱা, ঋতুপৰ্ণ পেগুৰ নমহীয়া সন্তানৰ ভৰণ-পোষণৰ বাবে তেওঁৰ পত্নী অলিনা মিলি পেগুক অসম চৰকাৰে কৰ্ম সংস্থাপন দিয়া, খিলঞ্জীয়া জনগোষ্ঠীৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰা দাবী সমূহ সন্নিবিষ্ট কৰা হয় ।

মুখ্যমন্ত্ৰীক প্ৰদান কৰা স্মাৰক পত্ৰত টিএমপিকেৰ সভাপতি ৰাজকুমাৰ মৰাং, সাধাৰণ সম্পাদক তিলক দলে সমন্বিতে টিএমপিকেৰ কেবাজনো কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই স্বাক্ষৰ কৰে। একেই দাবী সম্বলিত স্মাৰক পত্ৰ আজি টিএমপিকে, এম এম কে আৰু টি এম এম কেৰ জোনাই জিলা সমিতিয়ে জোনাই মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ প্ৰেৰণ কৰে । উল্লেখ্য যে চিলাপথাৰ অকাজান অঞ্চলৰ লুইতপুৰ গাঁৱৰ হৰিনাথ পেগু আৰু কৃঞ্চাৱতী পেগুৰ কনিষ্ঠ পুত্ৰ ঋতুপৰ্ণ পেগুয়ে তিনি বছৰ আগতে নুনমাটিস্থিত আৰ্মান হোম ফাৰ্নিচিঙত কৰ্মচাৰী হিচাপে কাম কৰিছিল ।

লক ডাউনৰ বাবে ব্যৱসায় প্ৰতিষ্ঠানখন বন্ধ হৈ থকাৰ পিছত সম্প্ৰতি লক ডাউন শিথিল হোৱাৰ লগে লগে যুৱক গৰাকী তাত গৈ উপস্থিত হোৱাৰ সময়তে হত্যাকাণ্ড সংঘটিত কৰে কাণ্ডজ্ঞানহীন উন্মতলোকে।জোনাই মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আজি প্ৰেৰণ কৰা স্মাৰক পত্ৰত জোনাই জিলা টি এম পি কেৰ সভাপতি কান্দা টায়েং সম্পাদক বিধান মিলি , জোনাই জিলা এম এম কেৰ সভাপতি মুক্তিনাথ পেগু সম্পাদক দিন পেগু আৰু টি এম এম কেৰ জোনাই জিলা সমিতিৰ সভানেত্ৰী মলয়া বৰি সম্পাদিকা কুমাৰী কুলিৰ স্বাক্ষৰিত কৰে।

You might also like