মন্ত্ৰিত্ব লাভ কৰি গৃহজিলাত উপস্থিত ৰূপেশ গোৱালা, ঢোলে-দগৰে আদৰণি
বিশেষ বাৰ্তা, ১৩ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ, গৃহ (কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা) বিভাগৰ নৱনিযুক্ত মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই মন্ত্ৰিত্ব লাভ কৰাৰ পাছতে আজি প্ৰথমবাৰৰ বাবে উপস্থিত হয় গৃহজিলাত। গৃহজিলাত উপস্থিত হোৱাৰ পাছতে বৰগুৰিস্থিত জিলা ভাৰতীয় জনতা পাৰ্টিৰ কায্যালয়ত নৱনিযুক্ত মন্ত্ৰীগৰাকীক ঢোলেদগৰে উষ্ম আদৰণি জনাই ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সমিতিয়ে। আদৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি নৱনিযুক্ত মন্ত্ৰীগৰাকীয়ে দলীয় কৰ্মকৰ্তাসকলৰ অবিহনে মই আধৰুৱা বুলি উল্লেখ কৰি দলীয় কৰ্মকৰ্তাসকলৰ সহযোগিতা আগন্তুক দিনসমূহতো এনেদৰেই পাম বুলি আশাপ্ৰকাশ কৰে৷ কিন্তু লক্ষণীয়ভাৱে আজিৰ অনুষ্ঠানটোত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনকে আদি কৰি জিলাখনৰ প্ৰায়সংখ্যক জ্যেষ্ঠ দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে যদিও তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণ অনুপস্থিত থাকে।
প্ৰেৰক বিবেক বৰা