নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাইত কাম কৰিবলৈ গৈ অন্ধ্ৰপ্ৰদেশত সন্ধানহীন ডিব্ৰুগড়ৰ সঞ্জয়

বিশেষ বার্তা, ২০ জুন : বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ পুনৰ নিখোজ অসমৰ যুৱক। চেন্নাইলৈ বুলি কৰ্মসংস্থাপনৰ বাবে ওলাই যোৱা ডিব্ৰুগড় জিলা জয়পুৰৰ সঞ্জয় মহানন্দ নামৰ ব্যক্তিজন বিগত ১০ দিন ধৰি সন্ধানহীন হৈ থকাত পৰিয়ালটোৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

উল্লেখ্য যে বিগত ৯ জুনত সঞ্জয় মহানন্দ নামৰ যুৱকজনে নিজ ভাগিনৰ লগতে আন ৫ জন লগৰীয়াৰ সৈতে কৰ্মসংস্থাপনৰ বাবে ওলাই গৈছিল চেন্নাইলৈ।গুৱাহাটী ৰেল ষ্টেচনৰ পৰা বিবেক এক্সপ্ৰেছ ৰেলযোগে চেন্নাইলৈ ৰাওনা হোৱা সঞ্জয় মহানন্দই ১১ জুনৰ দিনা অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰা ষ্টেচনত নিশা সন্ধানহীন হৈ পৰে।

পিছত সঞ্জয়ৰ ভাগিনীয়েকে মোমায়েক সঞ্জয় সন্ধানহীন হৈ পৰা বিষয়ে জয়পুৰৰ সঞ্জয়ৰ পৰিয়ালক অৱগত কৰাত পৰিয়ালটোৰ মাজত হাহাকাৰ লাগে। ইফালে সঞ্জয়ৰ ৯৬৭৮০৭৮৯২৪ নম্বৰত যোগাযোগ কৰিও কোনো শুংসূত্ৰ নোপোৱা পৰিয়ালটোৱে ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে।

দুটি সন্তান আৰু পত্নীক এৰি বহিৰাজ্যত সন্ধানহীন হোৱা সঞ্জয়ৰ অপেক্ষাত পত্নী তথা দুটি সন্তানে এতিয়া উজাগৰি নিশা কটোৱাৰ লগতে তেওঁৰ বিষয়ে কোনো লোকে কিবা সম্ভেদ পালে পৰিয়ালৰ লোক অথবা স্থানীয় আৰক্ষীক অৱগত কৰিবলৈ অনুৰোধ জনাইছে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like