নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত শগুনৰ মৃত্যু : অচেতন পক্ষীক বন বিভাগে গুৰুত্ব নিদিয়াত প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত বাঘৰ গাঁৱৰ সমিপৰ বোকাবিল পথাৰত আজি বিয়লি প্ৰায় ২০টা দুষ্প্ৰাপ্য শগুন অচেতন হৈ পৰি ৰোৱাৰ লগতে প্ৰিয় সাতটা শগুণৰ মৃত্যুৰ খবৰে প্ৰত্যক্ষ দর্শী, প্ৰকৃতি প্ৰেমী সকলক চিন্তিত কৰি তুলিছে৷ প্ৰকৃতি প্ৰেমী সকল উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে ক্ৰমত হেৰাই যাবলৈ ধৰা এই দুষ্প্ৰাপ্য শগুনৰ মৃত্যুৰ ৰহস্য উদ্ধাৰৰ আহ্বান জনাইছে বনবিভাগক। উল্লেখ্য যে ৰতনপূৰ পঞ্চায়তৰ অধীনত বোকাবিল পথাৰত এই দুখজনক পৰিৱেশ সৃষ্টি হোৱাৰ পাছত ঘটনা সংঘটিত হোৱা স্থানত ঘটনা প্ৰত্যক্ষ কৰিবলৈ স্থানীয় ৰাইজ সমবেত হয়। এটা মৃত গৰুৰ কাষত এইদৰে অচেতন হৈ ২০ টা শগুন পৰি থকাৰ লগতে সাতটা শগুন মৃত্যু হোৱাত বিষয়টোক লৈ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। কি কাৰনে এই দুখজনক ঘটনা সংঘটিত হল সেই কথা সন্দেহৰ আবত্তত হলেও মৃত গৰু ভক্ষণৰ পাছতে এনে দশা হোৱাত পথাৰলৈ আহি ৰতনপুৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক প্ৰণব কোচৰ নেতৃত্বত এটি চিকিৎসকৰ দলে বনবিভাগৰ লোক উপস্থিত হোৱাৰ পূৰ্বে ঘটনাস্থলীত উপস্থিত হৈ বনবিভাগলৈ অপেক্ষা নকৰি শগুণৰ চিকিৎসা কৰা কাৰ্যৰ শলাগ লৈছে স্থানীয় ৰাইজে ৷ ইফালে বাতৰি লিখাৰ সময় লৈকে বনবিভাগৰ লোকে মৃত শগুন কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় যদিও অচেতন হৈ পৰি থকা শগুন কেইটাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা দেখা নগল ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল বনবিভাগে মৃত শগুন কেইটা মৰনোত্তৰ পৰিক্ষাৰ বাবে লৈ যোৱাৰ সমান্তৰালকৈ অচেতন হৈ পথাৰত পৰি থকা দুষ্প্ৰাপ্য শগুনকেইটাক উদ্ধাৰ কৰি বিজ্ঞান সন্মত পৰিক্ষা-নিৰিক্ষাৰে চিকিৎসা কৰিব লাগিছিল যদিও আক্ৰান্ত চৰাইকেইটা পথাৰতে পেলাই থৈ অহা কাৰ্যক তীব্ৰ নিন্দা কৰিছে প্ৰকৃতি প্ৰেমী সকলে ৷ আনহাতে এটা মৰা গৰু পোৱালী ভক্ষণ কৰাৰ বাবেই খাদ্য বিষক্ৰিয়া হৈ এই কৰুণ ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজৰ৷ আনফালে সচেতন সমজে এই মৃত্যুৰ কৰনক লৈ এক উচিত তদন্তৰ দাবী জনাইছে ৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like