মিছামাৰীত উলহ-মালহেৰে ষটপূজাৰ সামৰণি
নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ দেশজুৰি যোৱা দুদিন ধৰি উদযাপিত ছটপূজাৰ কাৰ্যসূচী আজি পুৱাবেলা সামৰণি পৰে৷ দেশৰ বিভিন্ন প্ৰান্তৰ দৰে শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ মাজেৰে বৈ যোৱা গাভৰু, বেলশিৰি আৰু দীঘলজুলি নদীৰ পাৰঘাটসমুহত কালি আবেলি সূৰ্যৰ বিদায় পৰত অঞ্চলটোৰ বিশেষকৈ হিন্দী ভাষি পুৰুষ মহিলাসকলে ধূপ ধূনা, নৈবদ্য, ফলমূল আদি আগবঢ়াই ছট দেৱীক পূজাপাঠ কৰি সেৱা জনাই ঘৰলৈ উভতি আজি নিচেই পুৱাতে পুনৰ কালিৰ সেই পাৰঘাটলৈ যায় আৰু সূৰ্য উদয় হোৱাৰ পূৰ্বে ধূপ ধূনা, নৈবদ্য, ফলমূল আদিৰে পূজাপাঠ কাৰ্য সূৰ্য উদয় হোৱাৰ আগেআগে সমাপ্ত কৰে আৰু উদিত সূৰ্যক সেৱা জনাই ঘৰলৈ ঘৰাঘৰি হয় ৷ উল্লেখ্য যে কালি আবেলি ভাগৰ পৰা আৰম্ভ হোৱা ছটপূজাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে নৈৰ পাৰঘাট সমুহত ছটপূজা উদযাপন সমিতিৰ কৰ্মকৰ্তা সকলে কলগছ ৰোপণ কৰাৰ উপৰি মাইক, বক্স আদিত ভক্তিমূলক গীতৰ লহৰ আৰু বিভিন্ন ৰংবিৰঙৰ পোহৰৰ ব্যৱস্থা কৰি নৈৰ পাৰঘাট সমুহ সুন্দৰকৈ সজাই পৰাই এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷ কালি আবেলি সেই স্থান সমুহত পূজাপাঠ কৰাৰ পাছত সন্ধিয়াৰ আন্ধাৰ নামি আহাৰ আগেআগে সকলো ঘৰাঘৰি হয় ৷ আজি নিচেই পুৱাতে নৈৰ পাৰঘাটৰ সেই স্থানলৈ পৰিয়ালৰ আটাইয়ে গৈ মাংগলিক কাৰ্যসূচী ৰূপায়ণ কৰে আৰু সূৰ্য উদয় হোৱাৰ লগেলগে উদিত সূৰ্যক সেৱা জনাই সকলোৰে মংগল কামনা কৰে ৷ ইয়াৰ পাছতে মাহ, প্ৰসাদ, ফলমূল আদি গ্ৰহণ কৰি সকলো ঘৰলৈ উভতনি যাত্ৰা কৰে ৷ উল্লেখ্য যে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো ভক্তপ্ৰাণ পুৰুষ মহিলা সকলে পৰিয়ালৰ সৈতে নৈৰ পাৰঘাটত পূজা পাঠৰ মাংগলিক কাৰ্য কৰাৰ সময়ত অঞ্চলটোৰ বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বীৰ লোকে ভিৰ কৰা পৰিলক্ষিত হয়৷ উৎসৱমূখৰ পৰিৱেশলৈ পৰিণত হোৱা বৃহত্তৰ মিছামাৰী অঞ্চলৰ গাভৰু, বেলশিৰি আৰু দীঘলজুলি নৈৰ পাৰঘাট সমুহত সমৱেত হোৱা সকলোৱে শান্তি শৃংখলাৰ বাতাবৰণ সৃষ্টি কৰি সুন্দৰভাৱে ষটপূজা উদযাপনত সহায় কৰি আহিছে৷ ইফালে অগণন লোকৰ সমাগম ঘটা ছটপূজাৰ নৈৰ পাৰঘাট সমুহত জিলা প্ৰশাসন, আৰক্ষীৰ উপৰি স্থানীয় ৰাইজ পূজাৰ কাৰ্যসূচী সুকলমে উদযাপন কৰাত দিনে-নিশাই সহায় কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হয়৷ ইফালে গাভৰু নৈৰ ৰেলৱে দলঙৰ সমীপত উদযাপিত ছটপূজাৰ এইবাৰ ৭৪ বছৰ আৰু অহা বছৰ ৭৫ বছৰত উপণীত হ’ব৷ মিছামাৰী ছটপূজা উদযাপন সমিতিৰ দ্বাৰা উদযাপিত উক্ত ষটপূজা ২০২৫ চনত ৭৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰিব আৰু ষটপূজাৰ ৭৫ বছৰীয়া আটাইবোৰ কাৰ্যসূচী সফল কৰি তুলিবলৈ উদযাপন সমিতিয়ে এতিয়াৰ পৰাই কঁকালত টঙালি বন্ধা বুলি জানিবলৈ দিছে৷
প্ৰেৰক বগা তপ্ন