নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফুটগধূলিতে মহানগৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড

বিশেষ বাৰ্তা, ৭ ডিচেম্বৰঃ ফুট গধূলিতে মহানগৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড সংঘটিত হৈছে। হাই ছিকিউৰিটী জ’ন দিছপুৰতে সংঘটিত হৈছে এই অপহৰণ কাণ্ড। মিনিষ্টাৰ ক’লনীৰ সমীপৰ ক্ৰিকেট ক’চিং চেন্টাৰৰ পৰা এটি কিশোৰক অপহৰণ কৰা হৈছে। ১১ বছৰীয়া নাবালক অপহৃত কিশোৰটি। ক্রিকেট প্রশিক্ষণৰ অন্তত ঘৰলৈ ওভতাৰ সময়তে সংঘটিত হৈছে এই অপহৰণ কাণ্ডটো। মুখাধাৰী দুর্বৃত্তই গণেশগুৰিত ক্ষন্তেক পিছতেই পেলাই থৈ যায় অপহৃত কিশোৰটিক। খানাপাৰাৰ দিল্লী পাব্লিক স্কুলৰ চতুর্থ শ্রেণীত অধ্যয়নৰত কিশোৰটি। ঘটনা সংক্ৰান্ত দিছপুৰ আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লোক।

#বাৰ্তা ডেস্ক

You might also like