নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোমেন বৰগোহাঞিৰ জন্মদিনত হোজাইত মঞ্চস্থ অস্তৰাগ

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰ : সাহিত্যিক হোমেন বৰগোহাঞিৰ ৯২সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি তেওঁৰ অস্তৰাগ নামৰ উপন্যাসৰ আধাৰত ডা: ৰিপুন বৰপূজাৰীৰ একে নামৰ নাট্যৰূপ অস্তৰাগ নামৰ নাটকখন আজি হোজাইত মঞ্চস্থ কৰা হয়। কৰুণাধাৰাৰ হোজাইৰ সহায়ক সমিতিৰ সহযোগত হোজাই সাহিত্য সভাৰ সোণালী জয়ন্তীৰ বিশেষ নিবেদন হিচাপে হোজাই সাহিত্য সভাৰ বাণীকান্ত কাকতি ক্ষেত্ৰৰ সাহিত্যৰথী বেজবৰুৱা ভৱনৰ স্থায়ী প্ৰেক্ষাগৃহত এই নাট্য নিবেদন কৰা হয়। গুৱাহাটীৰ মানিক আহমেদে পৰিচালনা কৰা এই নাটকখন দুটা দৰ্শনীৰ অনুষ্ঠিত হয়। প্ৰথম দৰ্শনী সন্ধ্যা পাঁচ বজাত আৰু দ্বিতীয় দৰ্শনী নিশা আঠ বজাত অনুষ্ঠিত হয়। স্থানীয় অপেছাদাৰী শিল্পীসকলে অভিনয় কৰা নাটকখনৰ সংগীত বিতোপন মহন্তৰ আৰু পোহৰ কাকীৰ বিদ্যা শইকিয়াৰ। নাটকখনত অভিনয় কৰিছে ক্ৰমে অনুপ কুমাৰ বৰঠাকুৰ, জ্যোতিপ্ৰসাদ গগৈ, আৰাধনা শৰ্মা, কস্তুৰীমা দাস, ড: ঘনকান্ত শইকীয়া, কিশলয় দেৱ গোস্বামী, কোশেস্বৰ মুদৈ, জিতু শৰ্মা, পদ্মকান্ত বৰা, বিকাশ চৌধুৰী, বিমল নাথ, জীৱন বৰুৱাৰ লগতে শিশু শিল্পী নবাগত তৰিৎশেখৰ আত্ৰেয় আৰু হিমাশু বৰুৱাই।

প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like