নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত নিম্নগামী বৰলুইতৰ জলস্তৰ : ব্যাঘাত ১০৮ মৃত্যুঞ্জয় বোট সেৱাত

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ ধুবুৰীৰ বৰলুইতৰ জলস্তৰ অস্বাভাবিক ভাবে হ্ৰাস পোৱাৰ ফলত কেৱল যাত্ৰীবাহী লঞ্চ আৰু ভূটভূটীৰ চলাচলৰ ক্ষেত্ৰতেই কেৱল নহয়; অসুবিধাৰ সৃষ্টি হৈছে স্বাস্থ্য বিভাগৰ ১০৮ মৃতঞ্জয় বোট সেৱাৰ চলাচলতো। জলস্তৰ হ্ৰাস পোৱাৰ ফলত বৰ্তমানে ধুবুৰীৰ বৰলুইতৰ বুকুত সৃষ্টি হৈছে সৰু-বৰ বালিৰ অসংখ্য চাপৰি। ফলত নৈখনেৰে বিভিন্ন বিকল্প পথেৰে ঘূৰি ঘূৰি যাবলগীয়া হোৱাৰ বাবে ধুবুৰীৰ পৰা ফকিৰগঞ্জকে ধৰি বৰলুইতৰ দক্ষিণ পাৰলৈ অহা-যোৱা কৰা যাত্ৰীবাহী নাওঁ অথবা ১০৮ মৃত্যুঞ্জয় বোটৰ যাত্ৰাকাল পূৰ্বৰ তুলনাত বহু বৃদ্ধি পাইছে। আনকি ১০৮ মৃতঞ্জয় সেৱাৰ বোটেৰে জৰুৰীকালীন ভাবে ধুবুৰীলৈ উন্নত চিকৎসাৰ বাবে আনিবলগীয়া ৰোগীক অনাৰ ক্ষেত্ৰতো হেঙাৰ হৈ থিয় দিছে লুইতৰ নিম্নগামী জলস্তৰে। উল্লেখ্য যে, ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত আছে এখনকৈ অত্যাধুনিক ১০৮ মৃত্যুঞ্জয় বোট এম্বুলেঞ্চ। প্ৰাপ্ত তথ্য মতে, স্বাস্থ্য বিভাগৰ এই দুখন বোট এম্বুলেঞ্চে চলিত ২০২৩ বৰ্ষৰ নৱেম্বৰ মাহলৈ ধুবুৰী আৰু ফকিৰগঞ্জকে ধৰি বিভিন্ন চৰাঞ্চলৰ সেৱা আাগবঢোৱা সৰ্বমুঠ ১,১৯৬গৰাকী ৰোগীৰ ভিতৰত ১,০৯৮ গৰাকী প্ৰসূতি। এই বৰ্ষৰ নৱেম্বৰলৈকে এই এম্বুলেঞ্চ দুখনে ৯ গৰাকী হৃদৰোগত আক্ৰান্ত, শ্বাসকষ্টত ভূগা ৯ গৰাকী ৰোগীক সেৱা আগবঢ়োৱাৰ বিপৰীতে উদৰীয় ৰোগত ভূগা ৮০ গৰাকীকৈ ব্যক্তিক স্বাস্থ্যজনিত সেৱা আগবঢ়াইছে। কিন্তু এইবাৰ খৰালি অহাৰ লগে লগে ধুবুৰীত বৰলুইতৰ অস্বাভাবিক জলস্তৰ হ্ৰাস পোৱাৰ ঘটনাই নৈপৰীয়া ৰাইজৰ স্বাস্থ্যসেৱাৰ দিশতো ঋণাত্মক প্ৰভাৱ পেলাবলৈ লোৱা দেখা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like