সাংস্কৃতিক শোভাযাত্ৰাৰে মৰিগাঁৱৰ চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ মৰিগাঁও জিলাৰ চৰাইবাহী অঞ্চলৰ ছাত্ৰছাত্ৰীৰ শৈক্ষিক, আধ্যাত্মিক, নৈতিক, বৌদ্ধিক, শাৰীৰিক আৰু সাংস্কৃতিক উত্তৰণ কৰাৰ মানসেৰে অঞ্চলটোৰ কেইজনমান ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত ১৯৯৮ চনতে চৰাইবাহী অঞ্চলত প্ৰতিষ্ঠা লাভ কৰা চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতন ৷ বিদ্যা ভাৰতীৰ শিশু শিক্ষা সমিতি অসমৰ অন্তভূক্ত চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনে আজিৰে পৰা ২৫ বছৰত ভৰি দিলে ৷ এই উপলক্ষে আজিৰে পৰা বৰ্ষজোৰা কাৰ্যসূচীৰে নিকেতন খনত আৰম্ভ হৈছে ৰূপালী জয়ন্তী বৰ্ষ ৷ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি নিকেতন প্ৰাঙ্গণত পুৱা পতাকা উত্তোলন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধক্ষ্য তথা নিকেতনৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি ৰমাকান্ত দেউৰীয়ে ৷ ইয়াৰ লগে লগে নিকেতন খনৰ প্ৰতিষ্ঠা কালৰ পৰা জড়িত ব্যক্তি আৰু চৰাইবাহী অঞ্চলৰ বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা ২৪ গছি বন্তি প্ৰজ্বালন আৰু ২৪ খন পতাকা উত্তোলন কৰা হয় ৷ ইয়াৰ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে চৰাইবাহী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ্য তথা নিকেতন পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি পুনিৰাম নাথে ৷ আনহাতে ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা “অভিজ্ঞানম” প্ৰাচীৰ পত্ৰিকা খনি উন্মোচন কৰে চৰাইবাহী মহাবিদ্যালয় অধক্ষ্য ড° কমল চন্দ্ৰ নাথে ৷ উল্লেখ যে ইয়াৰ লগত সংগতি ৰাখি নিকেতনৰ আচাৰ্য আচাৰ্যা আৰু কণ কণ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই সাংস্কৃতিক শোভাযাত্ৰাটি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে ৷ ইয়াৰ পছিতে দিনৰ ২ বজাৰ পৰা এখনি মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। মৰিগাঁৱৰ বিধায়ক তথা নিকেতনৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি ৰমাকান্ত দেউৰীৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাখনিত নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকি শিশু শিক্ষা সমিতিৰ অন্তভূক্ত বিদ্যা নিকেতন সমূহৰ উদ্দেশ্যৰ উপৰত বক্তব্য আগবঢ়াই বিদ্যা ভাৰতীৰ শিশু শিক্ষা সমিতিৰ নগাঁও বিভাগৰ বিভাগ নিৰীক্ষক পৰাণ বৰা৷ আনহাতে সভাত উপস্থিত থাকে তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মনোনীত সদস্য অজিত ডেকা, নিকেতন পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি পুনিৰাম নাথৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি। সন্ধিয়া নিকেতনৰ চৌহদত ২৪ গছি বন্তি প্ৰজ্বালনেৰে বৰ্ষজোৰা ৰূপালী জয়ন্তীৰ শুভাৰম্ভণী কাৰ্যসূচী সামৰণি পৰে ৷
প্ৰেৰক মানস নাথ