নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউডিএফ-কংগ্ৰেছ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি : ধুবুৰীত বিধায়ক প্ৰশান্ত ফুকন

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ “এআইইউডিএফ আৰু কংগ্ৰেছ দুয়োটা একেটা দলেই। দুয়োটা দলেই এটা মুদ্ৰাৰ ইপিঠি সিপিঠি।” এই ভাষ্য ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে এআইইউডিএফৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ কৰ্তৃত্ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিক অৰ্পণ কৰাৰ বিষয়টোলৈ ধুবুৰীত সংবাদকৰ্মীয়ে বিচৰা মন্তব্যৰ উত্তৰ দিবলৈ গৈ এইদৰে কয় বিধায়কগৰাকীয়ে। তেওঁ আৰু কয় যে, “প্ৰথমে ক’লে ভূপেন বৰা ডাঙৰীয়াই কোনো কাৰণে এআইইউডিএফৰ সৈতে মিত্ৰতা নহয়। যেতিয়াই দিল্লী পাই গ’ল খাৰ্গে ডাঙৰীয়াই ক’লে এইটো ওমুকলৈ যাওক। এই ঠেলা, হহুঁকা -পিছলা যিটো হৈছে; আপোনালোকক মই কৈছোঁ – ওপৰে মাৰিবা কেটেৰা টেঙা ভিতৰে নেৰিবা বেথা। এই কথাটোৱে আচল কথা। তেওঁলোকৰ মিত্ৰতা হ’বই আগন্তুক দিনত; তেওঁলোকে বিজেপিৰ বিৰূদ্ধে খেলিব। এতিয়া তেওঁলোকে সপোনত দেখি আছে কেনেকৈ বিজেপিক মাৰিব পাৰোঁ।” মিত্ৰতাৰ বিষয়টো নাকচ কৰা হ’লে ল’গে ল’গেই “আমি মিত্ৰতা নকৰোঁ” বুলি কলেহেঁতেন বুলি উল্লেখ কৰি বিধায়ক ফুকনৰ কংগ্ৰেছ আৰু এআইইউডিএফ- দুয়োটা দলকে কটাক্ষ, “লাও যে বগায়, লাও যিডাল বাঁহত বগায় – সেই বাঁহ ডাল হ’ল এআইইউডিএফ আৰু লতা গছডাল হ’ল কংগ্ৰেছ। সেই লতা গছডাল হেণ্ডালিখন নহ’লে, সেই লাও গছডালৰ বাঁহডাল নহ’লে, কেতিয়াও কংগ্ৰেছ বগাই যাব নোৱাৰে। সেইটো দিল্লীয়ে ভালকৈ বুজে। ভূপেন বৰাই যিমানে যি কওক বা নকওক; এইবাৰ কংগ্ৰেছ আৰু এআইইউডিএফৰ পুনৰ মিত্ৰতা হ’বই।” আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিধায়ক প্ৰশান্ত ফুকনৰ ভাষ্য, “গোটেই বস্তুটোৰ এতিয়া “নেম কাষ্টিঙে” আৰম্ভ হোৱা নাই; চিনেমাখনতো হ’বলৈ আছে। চিনেমাখন নোচোৱাকৈ তো আপুনি ক’ব নোৱাৰে চিনেমাখন ভাল হৈছে নে বেয়া। মই ভাৱোঁ চিনেমাখন আৰম্ভ হওক, নেম কাষ্টিংটো আৰম্ভ হওক; তাৰপিছত আমি চিনেমাখন ভালকৈ চাই তাৰ ওপৰত আমি মন্তব্য দিব পাৰিম। আনহাতে চাৰিখন জিলা বিলুপ্তিকৰণৰ ওপৰত মন্তব্য দিবলৈ গৈ বিধায়কগৰাকীয়ে কয় যে, “আমিয়ে বনাইছিলোঁ; আমিয়ে কৰিছোঁ। গোটেইখিনি কথা, প্ৰণালীবদ্ধ যিখিনি কথা আছে – আমি যদি এই কামটো ভালদৰে চিজিল কৰোঁ তেতিয়া হ’লে আমি আগন্তুক দিনবিলাকত আমাৰ এখন সুন্দৰ অসম, ৰাজনৈতিক ভাৱে এখন সুন্দৰ অসম গঢ়ি উঠিব।” উল্লেখ্য যে, বিধায়ক প্ৰশান্ত ফুকনৰ নেতৃত্ব অসম বিধায়নসভাৰ প্ৰাক্কলন কমিটিৰ এটি বিধায়িনী দল আহি উপস্থিত হৈছিল ধুবুৰীত। দলটোৱে ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিত ৰূপায়িত হৈ থকা কেইবাটাও চৰকাৰী প্ৰকল্পৰ কাম-কাজ নীৰিক্ষণ কৰে। আজি দুপৰীয়া ধুবুৰীস্থ জিলা উপায়ুক্ত কাৰ্য্যালয় প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ ১৩টাকৈ বিভাগৰ বৰমুৰীয়াৰে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ ল’য় দলটোৱে। দীৰ্ঘ সেই বৈঠকত হোৱা আলোচনা অথৱা বিভাগ ১৩টাৰ কাম-কাজত পোৱা ত্ৰুটি-বিচ্যুতিবোৰ অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ অধিৱেশনত দাখিল কৰা হ’ব বুলি জনাইছে বিধানসভাৰ প্ৰাক্কলন দলটোৰ অধ্যক্ষ প্ৰশান্ত ফুকনে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like