নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকৰ বিজ্ঞানৰ পৰীক্ষাত নকল কৰি বহিষ্কৃত মৈৰাবাৰীৰ ৬ পৰীক্ষাৰ্থী

নিয়মীয়া বাৰ্তা ৩০ মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ বাবে আজি মৈৰাবাৰী মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা বহিস্কৃত হল ছয়জন ছাত্ৰ ছাত্ৰী। আজি বিজ্ঞান বিষয়ৰ পৰীক্ষা আছিল। পৰীক্ষাত অসৎ উপায়(নকল) অৱলম্বন কৰি বহিষ্কৃত হোৱা ছাত্ৰ-ছাত্ৰীকেইজনৰ ৰোল নম্বৰ হল ৭৫, ১৯৯, ০৯৪, ৭১৬, ১৯০ আৰু ৯৮৩। উল্লেখযোগ্য যে যোৱা ১৩ মাৰ্চত বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাত ছেবাই পৰীক্ষাৰ দিন পিছুৱাই দিছিল আৰু আজি বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হৈছিল।

প্ৰেৰক তাৰিকুল ইছলাম

You might also like