ঘৰুৱা বিদ্যুতৰ মাচুল অভাৱনীয় বৃদ্ধিঃ স্মার্ট মিটাৰ সংযোগেৰে শক্তি বিভাগে শোধাইছে লুণ্ঠন
বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ অত্যাৱশ্যকীয় সামগ্রীৰ দাম বৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰি ৰখাৰ সময়তে হঠাৎ অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ লৈছে বিদ্যুতৰ মাচুল৷ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন চহৰত সাধাৰণ ৰাইজে শেহতীয়াকৈ প্রতি মাহতে বিদ্যুতৰ মাচুল বৃদ্ধি হৈ থকা বিষয়টোক লৈ শক্তি বিভাগৰ প্রতি ক্ষুব্ধ হৈ পৰিছে৷ আনকি সামাজিক মাধ্যমত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে একাংশ লোক৷ উত্থাপিত অভিযোগ মতে বিদ্যুৎ বিভাগে চলিত বর্ষৰ আৰম্ভণিৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন চহৰত স্মার্ট মিটাৰ সংযোগ কৰাৰ পৰাই বৃদ্ধি পাবলৈ লৈছে মাচুল৷ বিভিন্নজনে শেহতীয়াকৈ অভিযোগ কৰা মতে যোৱা এপ্রিল মাহত চাৰিজনীয়া বা তিনিজনীয়া পৰিয়াল এটাৰ বিদ্যুৎ মাচুল সর্বাধিক ১,০০০–১,২০০ টকা হৈছিল যদিও মে’ মাহৰ পৰা এই মাচুল ১,২০০ টকাৰ পৰা ১,৫০০ টকা, আৰু শেহতীয়াকৈ বিদ্যুৎ মাচুল ২,০০০ টকালৈ বৃদ্ধি হৈছে৷ বহু উপভোক্তাই অভিযোগ কৰা মতে স্মার্ট মিটাৰৰ নামত বিদ্যুৎ বিভাগে লুণ্ঠন চলাইছে৷ প্রতি ইউনিটত স্মার্ট মিটাৰৰ জৰিয়তে কিমান টকা সংগ্রহ কৰিছে, সেয়া এতিয়া লুকুৱাইছে বিদ্যুৎ বিভাগে৷ বিদ্যুৎ বিভাগৰ ওচৰ চাপিও সদুত্তৰ পোৱা নাই উপভোক্তাই৷ প্রি–পেইড মিটাৰৰ ক্ষেত্রত এনে অভিযোগ অধিক সৰৱ হৈছে৷ প্রি–পেইড গ্রাহকে বর্তমান প্রতি ইউনিটত বিদ্যুৎ বিভাগে কিমান ধন সংগ্রহ কৰে, তাৰ কোনো ভু–কে নাপায়৷ স্মার্ট মিটাৰৰ জৰিয়তে শক্তি বিভাগে আৰম্ভ কৰা লুণ্ঠনৰ ফলত একপ্রকাৰ দিশহাৰা হৈ পৰিছে সাধাৰণ ৰাইজ৷ উপভোক্তাৰ প্রশ্ণ– দেউলীয়া হোৱা শক্তি বিভাগক আর্থিকভাৱে টনকিয়াল কৰাৰ বাবে এনেদৰে ৰাজহ আদায়ৰ অভিযান আৰম্ভ হৈছে নেকি? ইফালে গুৱাহাটী মহানগৰীত একাংশ ভাৰাতীয়াই শেহতীয়াকৈ এনে বর্ধিত হাৰত লাভ কৰা বিদ্যুৎ মাচুলক লৈ বিভাগৰ ওচৰ চাপিছে যদিও বিভাগীয় মুৰব্বী তথা বিষয়া–কর্মচাৰীয়ে এইক্ষেত্রত ওলোটাই উপভোক্তাজনকহে আঙুলিয়াইছে৷ বিদ্যুৎ বিভাগৰ এইক্ষেত্রত মন্তব্য– কাৰেণ্ট খৰচ কৰিলে মিটাৰ ঘূৰিবই৷ কিন্তু একেখিনি বিদ্যুৎ ব্যয় কৰি দুমাহ পূর্বে যি মাচুল আদায় দিছিল, সেই একেইখিনি বিদ্যুৎ ব্যয়ৰ বাবদ এতিয়া আদায় দিব লগা হৈছে প্রায় তিনিগুণ মাচুল৷ মন কৰিবলগীয়া যে অসম বিদ্যুৎ নিয়ামক আয়োগ, চমুকৈ এ পি ডি চি এলে বিদ্যুতৰ প্রতি ইউনিটত ৫৯ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছিল৷ সেই অনুসৰি ১২০ ইউনিটৰ পৰা ২৪০ ইউনিটলৈ বিদ্যুতৰ মাচুল প্রতি ইউনিটত ৬.৬০ টকা নির্ধাৰণ কৰা হৈছিল৷ কিন্তু এনে সকলো নীতি–নিয়ম গুৰুত্বহীন কৰি এ পি ডি চি এলে স্মার্ট মিটাৰৰ জৰিয়তে চলাইছে লুণ্ঠন৷ আনকি বিদ্যুৎ ব্যৱহাৰ নকৰি এনেই পেলাই থোৱা গৃহত বিদ্যুৎ মাচুল মাহত ৫০০ টকাৰ পৰা ৮০০ টকালৈ উঠিছে৷ মুঠৰ ওপৰত বিদ্যুৎ মাচুলে প্রতিজন উপভোক্তাক একপ্রকাৰ চেপি ধৰিছে৷ চৌদিশে বিদ্যুৎ মাচুলক লৈ উঠা এনেবোৰ অভিযোগৰ পাছতো মূৰ পোলোকা মাৰিছে বিদ্যুৎ বিভাগে৷ উপভোক্তাক পতিয়ন নিয়াব পৰা উত্তৰ দিব পৰা নাই বিভাগীয় বিষয়া–কর্মচাৰীয়ে৷ এনে অৱস্থাত সাধাৰণ উপভোক্তাৰ পৰা ৰাজহ আদায়ৰ নামত যে শক্তি বিভাগে লুণ্ঠন আৰম্ভ কৰিছে, সেয়া স্পষ্ট হৈ পৰিছে৷