নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত কৃষি পথাৰত বিছা-গান্ধী পোকৰ উপদ্ৰৱ, উপায়ন্তৰ কৃষক

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ ঢকুৱাখনা মহকুমা কৃ‌ষি বিষয়া কাৰ্যালয়ৰ সোণাৰি চাপৰি কৃ‌ষি চক্ৰৰ অন্তগত গাওঁ সমুহত শালি খেতিত চৰহা পোকৰ আক্ৰমণৰ পিচতে আহিনৰ বান আৰু প্ৰবল বৰষুণত শ শ বিঘা মাটিৰ মাটি মাহৰ খেতি নষ্ট হোৱাৰ সমান্তৰালভাৱে ভুতৰ ওপৰত দানহ পৰাদি তিল খেতিতো বিছা আৰু গান্ধিপোকে আক্ৰমণ কৰাত ক্‌ষক ৰাইজৰ মাজত হাহাকাৰ স্‌ষ্টি হৈছে ৷ ভাদৰ ৪ আহিনৰ ৪ মাহ ববা যিমান পাৰি আপ্ত বাক্যশাৰী সৰোগত কৰি অঞ্চলৰ উপান্তৰ ক্‌ষক ৰাইজে মাটিৰ মাহ মগু মাহ আদি খেতিত হা উজান দিয়াৰ সময়তে হঠাৎ অহা বান আৰু  বৰষুণে মাহ খেতি নষ্ট কৰি কৃ‌ষক ৰাইজৰ বিস্তৰ ক্ষতি কৰে ৷ ইয়াৰ সমান্তৰালভাৱে   মুগা ৰঙৰ এবিধ বিছা আৰু এবিধ গান্ধী পোকে শেহতীয়াকৈ  তিল খেতিতো আক্ৰমণ কৰাত কৃ‌ষক ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে ৷ এই ক্ষেত্ৰত মহকুমা কৃষি বিষয়াৰ পৰা জানিব বিছৰাত বিছা নিৰ্মূলৰ বাবে কীটনাশক  মজুত থাকিলেও গান্ধী পোক স্থানীয় পদ্ধতিৰেহে নিৰ্মূল কৰিব পাৰিব বুলি জানিবলৈ দিয়ে যদিও যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণে কৃ‌ষকৰ সপোন থানবান কৰিছে ৷ আনহাতে আহিনৰ বানত কৃ‌ষক ৰাইজৰ সপোন থান বান কৰি বিস্তৰ ক্ষতি কৰাৰ পিছতো বিভাগীয় কৰ্তৃ‌পক্ষই কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত গভীৰ উদ্ৰেক প্ৰকাশ কৰি অনতিপলমে ক্‌ষি পথাৰৰ স্ব জমিন তদন্ত কৰি কৃ‌ষকক উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছে অঞ্চলৰ  সবহাৰা উপান্তৰ কৃ‌ষক ৰাইজে ৷

You might also like